অসম

assam

ধেমাজিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ল ক্ৰেতা-বিক্ৰেতা সভা

By

Published : Mar 23, 2023, 12:14 PM IST

ETV Bharat / videos

Buyer-sellers meet in Dhemaji: কৃষকৰ খেতি কৰাৰ উদ্যম বৃদ্ধিৰ লক্ষ্যৰে ধেমাজিত ক্ৰেতা-বিক্ৰেতা সভা

ধেমাজি, 23 মাৰ্চ: অশেষ কষ্টৰে, কপালৰ ঘাম মাটিত পেলাই কষ্ট কৰি পথাৰত উৎপাদন কৰা ফচলৰ উচিত মূল্য বহু সময়ত কৃষকে নাপায় ৷ এখন বজাৰৰ অভাৱ আৰু উচিত মূল্যৰ পৰা বঞ্চিত কৃষকসকলে বহু সময়ত হৈ পৰে হতাশ ৷ ফলত কৃষিকাৰ্য কৰিবলৈ উদ্যম আৰু হেপাঁহ নোহোৱা হৈ পৰে কৃষকসকলৰ (Buyer seller meet in Dhemaji) ৷  

এনেবোৰ কাৰণতেই ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে ধেমাজি জিলাৰ বিভিন্ন অঞ্চলৰ সাধাৰণ কৃষকসকলৰ খেতি কৰাৰ উদ্যম ক্ৰমশঃ কমি যোৱা পৰিলক্ষিত হেছে ৷ এনে পৰিপেক্ষিতত ধেমাজি জিলা কৃষি বিভাগে কৃষক সকলক উৎসাহ যোগাবৰ বাবে প্ৰথম বাৰৰ বাবে আয়োজন কৰিলে ক্ৰেতা-বিক্ৰেতা সভা ৷ জিলা কৃষি কাৰ্য্যালয় চৌহদৰ জ্ঞান কেন্দ্ৰ আৰু প্ৰশিক্ষণ কেন্দ্ৰত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প- ২০২২-২৩ (APART)ৰ অধীনত অনুষ্ঠিত হয় এই সভাখন (Buyer seller meet held Dhemaji) ৷  

সভাখনত কৃষক সকলে যাতে পোনপটীয়াকৈ নিজৰ উৎপাদিত সামগ্ৰী সঠিক দামত ক্ৰেতা সকলক বিক্ৰী কৰিব পাৰে তাৰ ওপৰত আলোচনা কৰা হয় ৷ এই বৈঠকত উপস্থিত থাকি ধেমাজি জিলা কৃষি উন্নয়ন বিষয়া সৰনাথ পেগুৱে কয় যে, ধেমাজিত প্ৰতি বছৰে যথেষ্ট পৰিমাণৰ সৰিয়হ আৰু ধান উৎপাদন হয় ৷ কিন্তু এই সমূহ খাদ্য-শস্য বিক্ৰীৰ বাবে উপযুক্ত বজাৰৰ অসুবিধা আৰু উচিত মূল্য নোপোৱা বিষয়ে কৃষকসকলে অভিযোগ কৰি আহিছে ৷ সেয়েহে এইক্ষেত্ৰত কৃষক সকলক উৎসাহিত কৰাৰ লগতে কৃষক সকলক সজাগ কৰাৰ বাবে এই সভাখন অনুষ্ঠিত কৰা হৈছে ৷ যাতে কৃষকসকলে ইয়াৰ জৰিয়তে অধিক লাভান্বিত হ'ব পাৰে আৰু লগতে কৃষি কাৰ্যত মনোনিৱেশ কৰিব পাৰে ৷ 

ধেমাজি জিলা কৃষি উন্নয়ন বিষয়া সৰনাথ পেগুৰ লগতে এই সভাত উপস্থিত থাকে জিলাখনৰ সহকাৰী অতিৰিক্ত উপায়ুক্ত যাদৱ পেগু, জিলা কৃষি বিষয়া নৰনাথ পেগু, জিলা কৃষি সহকাৰী সঞ্চালক গুঞ্জানন দেউৰী, মহকুমা কৃষি বিষয়া প্ৰদীপ গগৈ, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া নাচেৰ ৰেজ্জা, ধেমাজি কৃষি উন্নয়ন বিষয়া ৰেখাংকণা পেগুকে ধৰি APART, CSS-ATMAৰ বিষয়া কৰ্মচাৰীসকল ৷

লগতে পঢ়ক:Retirement benefits to Anganwadi workers: অংগনৱাড়ী কৰ্মী আৰু সহায়িকালৈ চৰকাৰৰ অৱসৰকালীন সাহায্য প্ৰদান

ABOUT THE AUTHOR

...view details