অসম

assam

খোৱা বস্তুৰ প্ৰলোভন দি কিশোৰীক যৌন নিৰ্যাতন ব্যৱসায়ীৰ

ETV Bharat / videos

Sex Abuse case in Jorhat: খোৱা বস্তুৰ প্ৰলোভন দি কিশোৰীক যৌন নিৰ্যাতন ব্যৱসায়ীৰ - কিশোৰীক যৌন নিৰ্যাতন ব্যৱসায়ীৰ

By

Published : May 13, 2023, 6:47 PM IST

টীয়ক, 13 মে’: যোৰহাট জিলাত পুনৰ সংঘটিত হৈছে জঘন্য ঘটনা (Sex Abuse case in Jorhat) ৷ ৰাজ্যত ইটোৰ পিচত সিটোকৈ যৌন উৎপীড়নৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰাৰ সময়তে শনিবাৰে টীয়কৰ ঘৰফলীয়াত এগৰাকী কিশোৰীক দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলাই অহাৰ ঘটনা পোহৰলৈ আহিছে (Allegation on Businessman sexually assaults minor)।  

ঘটনা অনুসৰি, এগৰাকী সাত বছৰীয়া কিশোৰীক ঘৰফলীয়াৰ বাবুল গগৈ নামৰ এজন ব্যক্তিয়ে বহুদিনৰ পৰা যৌন নিৰ্যাতন চলাই অহা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে (Minor sexually assault case) । বাবুল গগৈ পেছাত এজন ব্যৱসায়ী। বাবুলে দোকানৰ পৰা চিপছ,মৰ্টনৰ প্ৰলোভন দি প্ৰায়ে কণমানি কিশোৰীগৰাকীক বাগানলৈ লৈ গৈ যৌন নিৰ্যাতন চলাই আহিছিল বুলি খোদ স্বীকাৰ কৰে কিশোৰীগৰাকীয়ে ৷  

আজি কিছুদিনৰ পূৰ্বে ছাত্ৰীগৰাকী পঢ়া বিদ্যালয়ত বাল্য বিবাহ, স্ত্ৰী শিক্ষা আদি বিষয়ত এক সজাগতা সভা আয়োজন কৰা হৈছিল ৷ এই সভাতে ছাত্ৰীগৰাকীয়ে সকলো কথা স্বীকাৰ কৰে ৷ এই কথা পোহৰলৈ অহাৰ লগে লগে বিদ্যালয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজে সমগ্ৰ নাৰকীয় ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে ৷  এই সভাখনত অভিযুক্ত বাবুলৰ বিৰুদ্ধে সমজুৱাকৈ অভিযোগ উত্থাপন কৰাৰ লগতে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে ভোগদৈ থানাত এখন এজাহাৰ দাখিল কৰে । 

লগতে পঢ়ক:Sangeeta Dutta case: পুনৰ ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ডাঃ সংগীতা দত্তক

আৰক্ষীয়ে ইতিমধ্যে বাবুল গগৈক নিজ বাসগৃহৰ পৰা আটক কৰে বুলি জানিব পৰা গৈছে (Accused detained by police) । ইপিনে অভিযুক্ত বাবুলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ সমূহ গাঁওবাসীৰ লগতে দল সংগঠনে প্ৰশাসনক আহ্বান জনাইছে ।

ABOUT THE AUTHOR

...view details