নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছে খুন্দিয়ালে গছত, আহত কেইবাজনো - সৰভোগ আৰক্ষী থানা
Published : Dec 2, 2023, 7:14 AM IST
জনীয়া, 2 ডিচেম্বৰ: বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত গুঘুবাড়িত নিশা সংঘটিত হয় ভয়ংকৰ বাছ দুৰ্ঘটনা । উল্লেখ্য যে, গুৱাহাটীৰ পৰা কলগাছিয়া অভিমুখী AS15 CC 5953 নম্বৰৰ নাইতিক নামৰ যাত্ৰীবাহী তীব্ৰবেগী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই গুঘুবাড়িস্থিত ৰাজীৱ পাঠকৰ ঘৰৰ টিনপাতৰ গেট ভাঙি ভিতৰত সোমাই গছত খুন্দা মাৰে । এই গছডালৰ বাবেই বাছখনত থকা প্ৰায় অৰ্ধশতাধিক যাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা পৰে ।
ইয়াৰে কেইবাজনো যাত্ৰী গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে ৷ ৰাইজৰ তৎপৰতাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আহতকেইজনক । ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই বাছখনৰ চালক আৰু হেণ্ডিমেন ঘটনাস্থলীৰ পৰা পলায়ন কৰে । পাছত ঘটনাস্থলীত সৰভোগ আৰক্ষী উপস্থিত হৈ বাহনখন জব্দ কৰে আৰু দুৰ্ঘটনা সন্দৰ্ভত আৰম্ভ কৰে তদন্ত ।
দুৰ্ঘটনাটোৰ ফলত স্থানীয় ৰাজীৱ পাঠকৰ ঘৰৰ যথেষ্ট ক্ষয়-ক্ষতি হয় বুলি জানিব পৰা গৈছে । উল্লেখ্য যে গুঘুবাড়িৰ এই স্থানডোখৰত গতিৰোধক নথকাৰ বাবে সময়ে-সময়ে সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ৷
লগতে পঢ়ক:বলিয়াঘাটত ফাটিল ONGC ৰ গেছ পৰিবাহী পাইপ; আতংকময় পৰিৱেশ