Burmese supari seized: হাইলাকান্দিত বাৰ্মিজ চুপাৰী জব্দ - Burmese supari seized
হাইলাকান্দি,১৭ মে': বাৰ্মিজ চুপাৰী সৰবৰাহৰ নতুন কৌশল । হাইলাকান্দিত বিলাসী বাহনৰৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী । হাইলাকান্দি আৰক্ষীয়ে চাৰিখন বিলাসী বাহনৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী (Burmese supari seized in Hailakandi) । হাইলাকান্দিত বাদামেৰে ভৰা ৪ খন বিলাসী বাহন বাৰ্মিজ চুপাৰী কঢ়িয়াই অনাৰ অভিযোগত জব্দ কৰে (Burmese supari seized) ।
হাইলাকান্দিত কালাচৰা আৰক্ষীৰ অভিযানৰ সময়ত এখন চেণ্ট্ৰ’, এখন চুইফট, এখন অল্ট’ আৰু এখন মাৰুতি গাড়ীৰ পৰা বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ কৰিবলৈ সক্ষম হয় । এই বিলাসী বাহনকেইখনত বাৰ্মিজ চুপাৰী অতি চতুৰতাৰে কঢ়িয়াই নিয়া হৈছিল বুলি জানিব পৰা গৈছে । এই অভিযানত দুটা সৰবৰাহকাৰী কাবুল হুছেইন লস্কৰ আৰু জৈনাল হক চৌধুৰীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।
লগতে পঢ়ক:Man killed miscreants: গহপুৰৰ বাবুল বৰাৰ বাসগৃহত কান্দোনৰ ৰোল