Burmese supari seized:অসমলৈ সৰবৰাহ হোৱাৰ পথতে জব্দ বাৰ্মিজ চুপাৰি ভৰ্তি মিনি লৰী - জব্দ বাৰ্মিজ চুপাৰি
Published : Aug 30, 2023, 10:06 PM IST
কৰিমগঞ্জ, 30 আগষ্ট : ত্ৰিপুৰাৰ ডামচৰা আৰক্ষীৰ সফলতা ৷ অসমলৈ সোমাবলৈ লওঁতেই জব্দ কৰে বাৰ্মিজ চুপাৰি ভৰ্তি মিনি লৰী ৷ লৰীখন জব্দ কৰে যদিও কিন্তু আৰক্ষীৰ চকুত ধূলি দি চালকজন পলাই যায় ৷ আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় ১৫ কুইণ্টল বাৰ্মিজ চুপাৰি ৷
আৰক্ষীয়ে জনোৱা মতে, উক্ত বাৰ্মিজ চুপাৰিখিনিৰ বজাৰ মূল্য ১০ লাখ টকাৰো অধিক হ’ব ৷ চুবুৰীয়া ৰাজ্য মিজোৰামৰ কানমুনৰ পৰা অসমত প্ৰৱেশ কৰিবলৈ লোৱাৰ সময়তে উত্তৰ ত্ৰিপুৰাৰ ডামচৰা আৰক্ষীয়ে ধৰা পেলাই ৷ ডামচৰা থানাৰ অ’ চি ৰাজু ভৌমিকে কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি শেহতীয়াকৈ ৰাজ্যৰ ষোল্লটা স্থানত অবৈধ সৰবৰাহ বৃদ্ধি পোৱাৰ বাবে এক নিয়মীয়া চেকিঙৰ ব্যৱস্থা কৰা হৈছে । আৰক্ষী সফলো হৈছে এই ব্যৱস্থাৰ ফলত ।
বুধবাৰে বিয়লি প্ৰায় পোন্ধৰ কুইণ্টল বাৰ্মিজ চুপাৰিৰে সৈতে এখন মিনি লৰী আৰক্ষীয়ে জব্দ কৰে ৷ লৰীখনৰ চালকজনক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : Burmese supari seized : ধুবুৰীত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ