Burmese Supari seized: লামডিঙত 6 লক্ষাধিক টকাৰ বাৰ্মিজ চুপাৰি জব্দ - ৰে’লযোগে এই বাৰ্মিজ চুপাৰীখিনি সৰবৰাহ কৰাৰ সন্দেহ
ৰাজ্যজুৰি বাৰ্মিজ চুপাৰিৰ চোৰাং সৰবৰহাৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান অব্যাহত ৰখাৰ সময়তে এইবাৰ লামডিঙত 24 বেগ বাৰ্মিজ চুপাৰি জব্দ কৰা হৈছে (Burmese Supari seized)৷ ১৫৬৪৬ নামনিমুৱা লোকামান্য তিলক এক্সপ্ৰেছ ৰে’লখনত বুধবাৰে ৰে’ল আৰক্ষীয়ে তালাচী চলাই জব্দ কৰে চুপাৰিখিনী ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে স্থানীয় আৰক্ষীৰ এক তথ্য অনুসৰি ৰে’ল আৰক্ষীয়ে এই তালাচী অভিযান চলাইছিল ৷ ৰে’লখনৰ এছ ৬ শয়ণ দবাৰ পৰা আৰক্ষীয়ে 24 টা বেগত প্ৰায় ১০৮০ কেজি বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয় ৷ ডিমাপুৰৰ পৰা ৰে’লযোগে এই বাৰ্মিজ চুপাৰিখিনি সৰবৰাহ কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷
Last Updated : Feb 3, 2023, 8:31 PM IST