অসম

assam

বাৰ্মিজ ছুপাৰিসহ দুজনক আটক

ETV Bharat / videos

Burmese Supari seized: কৰিমগঞ্জত বাৰ্মিজ ছুপাৰিসহ দুজনক আটক - কাঠ ভৰ্তি ল’ৰী

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 10:42 PM IST

কৰিমগঞ্জ, 25 আগষ্ট :কৰিমগঞ্জৰ কঠালতলীত আৰক্ষীয়ে বুজন পৰিমাণৰ বাৰ্মিজ ছুপাৰিসহ দুজন লোকক আটক কৰে । এক গোপন সূত্ৰৰ ভিত্তিত শুকুৰবাৰে অসম ত্ৰিপুৰা সীমান্তৰ কঠালতলীৰ বাঘন গাঁৱৰ বাসিন্দা ফজলুৰ ৰহমানৰ ঘৰত কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই এটা ঘৰৰ পৰা 178 বেগ সন্দেহযুক্ত বাৰ্মিজ ছুপাৰি জব্দ কৰে। আৰক্ষীয়ে ঘৰৰ মালিকৰ লগতে ফজলুৰ ৰহমানকো গ্ৰেপ্তাৰ কৰে ৷ 

অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসে জনোৱা মতে, জব্দ কৰা 178 টা বেগত 8,920 কিলোগ্ৰাম সন্দেহযুক্ত বাৰ্মিজ ছুপাৰিৰ আনুমানিক বজাৰ মূল্য 25 লাখ টকা হ’ব বুলি জানিব পৰা গৈছে ।

ইফালে আন এক অভিযানত কঠালতলীৰ বাঘান গাঁৱৰ আৰিফ উদ্দিনৰ ঘৰত এখন মিনি ল’ৰী (ডি আই)ৰ পৰা চোৰাংভাৱে সৰবৰাহ কৰা কাঠ জব্দ কৰা হয়। কাঠ ভৰ্তি ল’ৰীখন সম্প্ৰতি কঠালতলী আৰক্ষী থানাত ৰখা হৈছে । অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, আৰক্ষীৰ তদন্তৰ পিচতহে অভিযুক্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা হাতত লোৱা হ’ব ৷

লগতে পঢ়ক:Murder case at Behali: পুত্ৰৰ আক্ৰমণত মাহীমাকৰ মৃত্যু, গুৰুতৰভাৱে আহত পিতৃ

ABOUT THE AUTHOR

...view details