অসম

assam

ডিব্ৰুগড় আছুৰ উদ্যোগত নাহৰকটীয়াত বুঢ়িদিহিং গ্ৰন্থ উৎসৱ

ETV Bharat / videos

Book Fair in Dibrugarh: ডিব্ৰুগড় আছুৰ উদ্যোগত নাহৰকটীয়াত বুঢ়িদিহিং গ্ৰন্থ উৎসৱ

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 10:17 PM IST

নাহৰকটীয়া, ২৯ ছেপ্টেম্বৰ: সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শুকুৰবাৰৰে পৰা সাত দিনিয়াকৈ নাহৰকটীয়াত অনুষ্ঠিত হৈছে বুঢ়ীদিহিং গ্ৰন্থ উৎসৱ । নাহৰকটীয়া আমোলাপট্টী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত এই বুঢ়ীদিহিং গ্ৰন্থ উৎসৱত প্ৰতিদিনে অনুষ্ঠিত হ'ব বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ প্ৰতিযোগিতা । আৰম্ভণি অনুষ্ঠানত নাহৰকটীয়াৰ বৌদ্ধিক সমাজৰ বহু লোকৰ উপস্থিতিত নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়া শৰৎ গগৈয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে গ্ৰন্থ বিপনীসমূহ ।  

উল্লেখ্য যে ব্যস্ততা আৰু হাতে হাতে ম'বাইল হোৱাৰে পৰা গ্ৰন্থৰ চৰ্চা ক্ৰমান্বয়ে হ্ৰাস হবলৈ ধৰিছে । গ্ৰন্থ চৰ্চাৰ সেই ধাৰা অব্যাহত ৰাখিবলৈকে আছুৱে এই প্ৰয়াস কৰিছে । ইফালে আছুৰ এই প্ৰচেষ্টাক নাহৰকটীয়াৰ ৰাজহ চক্ৰ বিষয়া শৰৎ গগৈয়ে প্ৰশংসা কৰি কয় যে গ্ৰন্থ অধ্যয়নে ব্যক্তিক শিক্ষিত কৰি তোলাৰ লগতে ব্যক্তিত্ব গঠনত সহায় কৰে । তদুপৰি ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নাহৰকটীয়াৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আয়োজন কৰা বুঢ়িদিহিং গ্ৰন্থ মেলাই উঠি অহা প্ৰজন্মৰ মাজত যোগাত্মক প্ৰভাৱ বিস্তাৰ কৰাৰ লগতে নৱ প্ৰজন্মৰ মাজত গ্ৰন্থ চৰ্চাৰ এক পৰিৱেশ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰিছে নাহৰকটীয়াৰ বৌদ্ধিক সমাজে ।

লগতে পঢ়ক:Assam Book Fair: হাফলঙত প্ৰথমবাৰৰ বাবে আয়োজিত অসম গ্ৰন্থমেলাৰ প্ৰস্তুতি তুংগত

ABOUT THE AUTHOR

...view details