অসম

assam

অসাৱধান মন্তব্যই সমাজত বিশৃংখলতা সৃষ্টি কৰিব পাৰে

ETV Bharat / videos

BTR Chief Pramod Bodo: অসাৱধান মন্তব্যই সমাজত বিশৃংখলতা সৃষ্টি কৰিব পাৰে ;BTR প্ৰধান প্ৰমোদ বড়ো - ৰঙিয়া

By

Published : Jul 28, 2023, 5:46 PM IST

Updated : Jul 28, 2023, 6:10 PM IST

ৰঙিয়া,28 জুলাই: প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ভগৱান শ্ৰীকৃষ্ণৰ সন্দৰ্ভত কৰা বিৰূপ মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে ৷ তেওঁ কয় যে, ৰাজনৈতিক নেতাসকলৰ লগতে সমাজত উচ্চ স্থান পোৱা লোকসকলে সদায় নিজৰ ওজন বৰ্তাই ৰাখি কথা ক’ব লাগে ৷ কাৰণ তেনে ব্যক্তিৰ মন্তব্যই সমাজত প্ৰভাৱ বিস্তাৰ কৰে ৷ ভূপেন বৰাই শ্ৰীকৃষ্ণক লৈ কৰা মন্তব্যৰ ফলত সমাজৰ এক শ্ৰেণীৰ মানুহৰ আৱেগত আঘাত লাগিছে ৷ এনে ধৰণৰ ঘটনাই সমাজত বিশৃংখলাৰ সৃষ্টি কৰিব পাৰে ।

বিটিআৰৰ প্ৰধান বড়োৱে আৰু কয় "ৰাজনীতি কৰিবৰ বাবে কথা ক’ব পৰা বহুত বিষয় আছে ৷ তেওঁ ভগবান শ্ৰীকৃষ্ণৰ নাম লৈহে কিয় ৰাজনীতি কৰিবলৈ আগবাঢ়ি আহিল ! ভগবান শ্ৰীকৃষ্ণৰ জীৱন সাধাৰণ মানুহৰ বাবে আদৰ্শ স্বৰূপ । গতিকে তেনে এটা বিষয়ত মাত মতাৰ আগতে প্ৰতিজন ব্যক্তিয়ে ভালদৰে ভাবিব লাগে ।"

লগতে পঢ়ক:Zubeen Garg Painting: ৰঙিয়াত ‘অযান্ত্ৰিক’ নামৰ এদল চিত্ৰশিল্পীৰ ব্যতিক্ৰমী পদক্ষেপ

Last Updated : Jul 28, 2023, 6:10 PM IST

ABOUT THE AUTHOR

...view details