BTC Chief Pramod Boro: মানুহৰ জীৱনৰ আৰু গণতান্ত্ৰিক অধিকাৰৰ লগত খেলা কৰি আহিছে হাগ্ৰামা মহিলাৰীয়ে; প্ৰমোদ বড়ো
বৰপেটাৰোড, 15 মে’ : বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে মানুহৰ জীৱনৰ লগত তথা মানুহৰ গণতান্ত্ৰিক অধিকাৰৰ লগত খেলা কৰি আহিছে ৷ সেইকাৰণে হাগ্ৰামা মহিলাৰীয়ে যিকোনো কথা ক’ব পাৰে। এই মন্তব্য বিটিচি চীফ প্ৰমোদ বড়োৰ (BTC Chief Pramod Boro Slams Hagrama Mohilary)।
সোমবাৰে সৰভোগৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ 7th Assam Bn NCC Dhuburi ৰ এক অনুষ্ঠানত অংশলৈ সংবাদ মাধ্যমৰ আগত বিটিচি চীফ প্ৰমোদ বড়োৱে আৰু কয় যে UPPL আৰু BJP মিত্ৰজোঁটৰ চৰকাৰে বি টি আৰৰ 35 লাখ লোকৰ নিৰাপত্তা, শান্তি আৰু উন্নয়নৰ বাবে কাম কৰি আহিছে আৰু অনাগত দিনবোৰতো বি টি আৰ অঞ্চলৰ ৰাইজৰ কাম কৰি যাব বুলি কয় মন্তব্য কৰে তেওঁ (Pramod Boro Slams Hagrama Mohilary) ৷
দেশৰ ৰাজ্যসমূহৰ ভিতৰত অসমক 5 খন ৰাজ্যৰ ভিতৰত ৰাখিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কাম কৰি আছে বুলি উল্লেখ কৰি UPPL দলে BJP ৰ সৈতে মিত্ৰতা অক্ষুণ্ণ ৰাখি আগন্তুক লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথাও দোহাৰে তেওঁ ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰতিটো নিৰ্বাচনৰ ফলাফল ভাল হৈ আহিছে আৰু অনাগত দিনতো ভাল হ’ব বুলি আশা প্ৰকাশ কৰে বিটিচি চীফ প্ৰমোদ বড়োৱে (BTC Chief Pramod Boro) ৷