অসম

assam

Murder in Nalbari : একেগাঁৱৰে টেম্পু চালকৰ দাৰ ঘাপত প্ৰাণ গ’ল মুকুট ৰহমানৰ

By

Published : Jan 30, 2023, 10:52 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

নলবাৰী, ৩০ জানুৱাৰী : সোমবাৰে এক নৃশংস হত্যাকাণ্ডৰ ঘটনাই জোঁকাৰি গ’ল নলবাৰী (Murder in Nalbari)৷ ঘটনাটো সংঘটিত হয় নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বৰনৰ্দ্দী গাঁৱত ৷ একেখন গাঁৱৰে এজন টেম্পু চালকে আন এজন টেম্পু চালকক উপৰ্যুপৰি দাৰে ঘপিয়াই হত্যা কৰে (Tempo driver murder in Nalbari)৷ সোমবাৰে বিয়লি সংঘটিত হয় চাঞ্চল্যকৰ ঘটনাটো ৷

বৰক্ষেত্ৰী বৰনৰ্দ্দী গাঁৱৰ মুকুট ৰহমান নামৰ এগৰাকী টেম্পু চালকক সতীৰ্থ টেম্পো চালক ৰচিদ আলীয়ে বৰনৰ্দ্দী চ’কত দাৰে উপৰ্যুপৰি ঘপিয়াই গুৰুতৰভাৱে আহত কৰে ৷ আহত মুকুতৰ ৰহমানক ঘটনাস্থলীত তেজেৰে তুমৰলি হৈ চটফাই থকা মুকুট ৰহমানক স্থানীয় লোকে ততাতৈয়াকৈ নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত ঘোষণা কৰা (Brutal Muder in Nalbari) ৷

আনহাতে টেম্পু চালক মুকুট ৰহমানক হত্যাৰ অভিযোগত অভিযুক্ত ৰচিদ আলী ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ৷ অৱশ্যে কিছুসময়ৰ পাছত বেলশৰ আৰক্ষীয়ে অভিযুক্ত ৰচিদ আলীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় (Sensational murder in Nalbari) ৷

উল্লেখ্য যে, একেখন গাঁৱৰে দুয়ো টেম্পু চালকৰ মাজত বিগত সময়ত কোনো কাৰণত তৰ্ক-বিতৰ্কৰ সৃষ্টি হৈছিল ৷ এই সন্দৰ্ভত আৰক্ষী থানাত গোচৰো দিয়া হৈছিল যদিও আৰক্ষীয়ে গোচৰটো মীমাংসা কৰিছিল ৷ উক্ত গোচৰ মীমাংসা হ’ল যদিও সোমবাৰে পুনৰ দুয়োৰে  মাজত সংঘৰ্ষৰ সৃষ্টি হোৱাত ৰচিদ আলীয়ে চোকা অস্ত্ৰৰে মুকুট ৰহমানক আক্ৰমণ কৰাত হত্যাকাণ্ডটো সংঘটিত হয় (Barkhetry murder case)৷

ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ত কৰা অভিযুক্ত ৰচিদ আলীক অধিক সোধপোছ কৰাৰ পাছতহে হত্যাকাণ্ডটোৰ আঁৰৰ ৰহস্য পোহৰলৈ আহিব ৷

লগতে পঢ়ক:Ex-husband kills wife: পূৰ্বৰ স্বামীয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে পত্নীক !

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details