Horrific murder in Nazira: পুত্ৰৰ হাতত প্ৰাণ হেৰুৱালে পিতৃয়ে - পুত্ৰৰ হাতত প্ৰাণ হেৰুৱালে পিতৃয়ে
নাজিৰাত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড(Horrific murder in Nazira) ৷ নাজিৰাৰ দুৰামাৰি সত্ৰত যোৱা নিশা সত্ৰাধিকাৰৰ হাতত এজন লোক নিহত হোৱা ঘটনাৰ ২৪ ঘন্টা পাৰ নৌহওতেই পুনৰ এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গল নাজিৰা ৷ এইবাৰ ঘটনাৰ স্থান নাজিৰাৰ গেলেকী(Brutal murder in Nazira) । গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত কলীয়াপানীত বুধবাৰে সংঘটিত হয় এই লোমহৰ্ষক হত্যাকাণ্ড । নিজ পুত্ৰৰ হাতত প্ৰাণ হেৰুৱালে পিতৃয়ে(Son kills father in Nazira) ৷ কনিষ্ঠ পুত্ৰ অনন্ত দুৱাৰৰ হাতত প্ৰাণ হেৰুৱালে পিতৃ প্ৰদীপ দুৱাৰই । পাৰিবাৰিক কন্দলৰ বাবেই এই কৰুণ ঘটনা সংঘটিত হোৱাৰ কথা প্ৰকাশ কৰিছে স্থানীয় লোকে । ইতিমধ্যে হত্যাকাৰী পুত্ৰ অনন্ত দুৱৰাক গেলেকী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আৰম্ভ কৰিছে তদন্ত ।
Last Updated : Feb 3, 2023, 8:37 PM IST