অসম

assam

By

Published : Jan 28, 2023, 8:59 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ETV Bharat / videos

Murder in Bihali: বিহালীত ৰহস্যজনক হত্যাকাণ্ড

বিশ্বনাথ,২৮ জানুৱাৰী: বিশ্বনাথৰ বিহালীত নৃশংস হত্যাকাণ্ড (brutal murder in Bihali Biswanath) । শুকুৰবাৰে নিশা বিহালীৰ জিনজিয়াৰ বৰজাৰণিৰ সমীপৰ জিনজিয়া চাহ বাগিচাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড (body recovered at tea garden in Bihali) ৷ প্ৰায় ৩৮ বছৰীয়া মুছলিম মোল্লা নামৰ ব্যক্তিগৰাকীয়ে নিশা ২নং বৰজাৰণিৰ নিজৰ ঘৰলৈ চাইকেলৰে গৈ থকা অৱস্থাত কোনো অচিনাকি দুৰ্বৃত্তই নৃশংসভাৱে চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে ৷ 

উক্ত হত্যাকাণ্ডৰ বিষয়ে জানিব পাৰি ঘটনাস্থলীত গৈ উপস্থিত হয় জিনজিয়া আৰক্ষী (Jinjia police of Biswanath recovered body) । আনহাতে, জিনজিয়া আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । ইফালে বিশ্বনাথ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰনাথ ডেকা আৰু উপ-আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত এই হত্যাকাণ্ডৰ তদন্ত ক্ষিপ্ৰতাৰে অব্যাহত ৰখাৰ লগতে দোষীক শীঘ্ৰে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব বুলিও সংবাদ মাধ্যমক জানিবলৈ দিছে । 

উল্লেখ্য, মুছলিম মোল্লাক কোনোবাই হত্যা কৰিলে নে কিবা দুৰ্ঘটনাৰ ফলত তেওঁৰ মৃত্যু হ'ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই । লগতে তেওঁৰ মৃত্যুক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে । আনহাতে, পৰিয়ালৰ আত্মীয়ৰ সূত্ৰৰ পৰা জানিব পৰা মতে, নিহত মোল্লা বহুদিনৰ পৰা পাৰিবাৰিক সমস্যাত ভুগি আহিছিল । তেওঁৰ পত্নীৰ সৈতে দীৰ্ঘদিন ধৰি মনোমালিন্য ঘটি থকাৰ কথাও প্ৰকাশ পাইছে । 

আনহাতে, ঘটনাৰ দিনা নিহত মোল্লা এখন বিয়া খাবলৈ গৈছিল । কিন্তু বিয়াৰ পৰা উভতি নাহিবলৈ তেওঁক ফোনযোগে পত্নীয়ে বাধা দিয়া বুলিও আত্মীয়ৰ সূত্ৰত প্ৰকাশ । কিন্তু মুছলিম মোল্লাৰ হত্যাৰ আঁৰত কি ৰহস্য আছে, বা ঘৰুৱা কোনো লোক ইয়াৰ সৈতে জড়িত আছে নেকি সেয়া হৈছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন । আনহাতে, নিহত মোল্লাৰ কাৰোবাৰ সৈতে ব্যক্তিগত শত্ৰুতা আছিল নেকি সেইবোৰ দিশো আৰক্ষীৰ তদন্তত ওলাই পৰিব বুলি আশা কৰা হৈছে । অৱশ্যে মৃতকৰ আত্মীয় এই ক্ষেত্ৰত মোল্লাৰ শহুৰেকৰ পৰিয়ালৰ দিশেও সন্দেহৰ আঙুলি টোঁৱাইছে । 

লগতে পঢ়ক:Advocate Bijan Mahajan decourt: নিয়ম ভংগ কৰি ন্যায়ালয়ৰ পৰা বাহিৰ হ’ল জ্যেষ্ঠ অধিবক্তা বিজন মহাজন

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details