Incomplete Bridge : আজিও সম্পূৰ্ণ হৈ নুঠিল গুনিয়ালগুৰি কোকিলা সংযোগী দলং; মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ আহ্বান স্থানীয় লোকৰ - অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
জনীয়া, 15 মাৰ্চ : পাঁচ বছৰে সম্পূৰ্ণ হৈ নুঠিল গুনিয়ালগুৰি-কোকিলা সংযোগী পকী দলং। ঠিকাদাৰ আৰু অভিযন্তাই ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলিছে ৰাইজে । উল্লেখ্য যে, বৰপেটা আৰু বঙাইগাওঁ জিলাৰ সীমামুৰীয়া গুনিয়ালগুৰি-কোকিলা সংযোগী নিৰ্মীয়মান পকী দলংখন সম্পূৰ্ণ হৈ উঠিছে যদিও এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই এপ্ৰ'চৰ কাম । ফলত যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিছে সংশ্লিষ্ট এলেকাটোৰ সকলো শ্ৰেণীৰ ৰাইজে । ইয়ে অঞ্চলটোত সৰু বৰ দুৰ্ঘটনাৰো কাৰক হৈ পৰা বুলি কয় স্থানীয় ৰাইজে (Incomplete Bridge Construction in Barpeta) ।
উল্লেখ কৰা প্ৰয়োজন যে 2017-18 বৰ্ষত উত্তৰ অভয়াপুৰীৰ বিধায়কগৰাকীয়ে 1 কোটি 69 লাখ 93 হাজাৰ টকাৰে দলংখন নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰিছিল যদিও বঙাইগাঁও জিলা লোকনিৰ্মান বিভাগ আৰু ঠিকাদাৰৰ গাফিলাতিৰ বাবেই দলঙখনৰ কাম সম্পূৰ্ণ হৈ উঠা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । নিৰ্মাণৰ কাম বিগত পাঁচটা বছৰ উকলাৰ পিচতো সম্পূৰ্ণ হৈ নুঠাত সৰৱ হৈছে ৰাইজ । ঠিকাদাৰ অৰূপ কলিতা আৰু অভিযন্তা বিনয় কলিতাই দুৰ্নীতি আৰু অতি লেহেমীয়া গতিত কাম কৰাৰ বাবে এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই বুলি স্থানীয় লোকে কয় । আনকি দলঙৰ চাইড বাম নিদিয়াকৈ এপ্ৰ’চৰ কাম কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে (Corruption against Bridge Construction) ।
বিষয়টোৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে অঞ্চলটোৰ ৰাইজে ।