এবছুৱে ২০০৩ চনৰ বিটিচি চুক্তিক সমৰ্থন কৰা নাছিল: হাগ্ৰামা মহিলাৰী
Published : Jan 10, 2024, 10:19 PM IST
বাক্সা, ১০ জানুৱাৰী: মুছলপুৰত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰণ ৷ ২০০৩ চনত এবছুৱে সমৰ্থন কৰা নাছিল বিটিএলৰ সৈতে হোৱা চুক্তিক ৷ সমৰ্থন কৰা নাছিল এন ডি এফ বিয়ে ৷ আজি এই কথা প্ৰকাশ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ ‘‘মই মিছা কথা কোৱা নাই ৷ কাৰণ স্বাক্ষৰকাৰী মইহে, মই জানো, অসম চৰকাৰেও জানে ৷ নিজৰ জনগোষ্ঠীৰ সংগঠন হৈয়ো এবছুৱে বিটিচি চুক্তিক সমৰ্থন কৰা নাছিল ৷’’ এই মন্তব্য বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৷
মুছলপুৰৰ যুৱ বিপিএফৰ এখন যোগদান সভাত অংশ লৈ তীব্ৰ ভাষাৰে এবছু আৰু প্ৰমোদ বড়োক সমালোচনা কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ প্ৰমোদ বড়োৰ পৃথক বডোলেণ্ডৰ আন্দোলন নাটক আছিল বুলি পুনৰ সৰৱ হৈ পৰে মহিলাৰীয়ে ৷ সেই সময়ত প্ৰমোদ বড়োৱে আৰক্ষী লগত লৈহে আন্দোলন কৰিছিল বুলি মন্তব্য কৰি তেওঁ এবছুকো আঁচনি বিতৰণ কৰা সংগঠন বুলি অভিহিত কৰে ৷
তেওঁ কয়, ‘‘ সেই সময়ত আমাক বডোলেণ্ডৰ বিৰোধিতা কৰা বুলি এৱছুৱে অপপ্ৰচাৰ চলাইছিল ৷ মোৰ ইমেজ বেয়া কৰিবলৈ বিচাৰিছিল ৷ কিন্তু কোনে নাটক কৰিছিল সেয়া আজি স্পষ্ট হৈছে ৷ সেইদৰে বিটিচি চুক্তিৰ জৰিয়তেহে বড়ো ভাষাই ৰাজ্যিক ভাষা হিচাবে স্বীকৃতি লাভ কৰিছিল ৷ তাৰ পিচতে বড়ো ভাষাৰ সাহিত্যিকে সাহিত্য অকাডেমী বঁটা পাবলৈ সক্ষম হৈছিল ৷’’
এপিএছচি পৰীক্ষাও ২০০৩ চনৰ পিচতহে বড়ো ভাষাত দিবলৈ সক্ষম হৈছিল বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে ইয়াৰ পূৰ্বে সক্ষম হোৱা নাছিল বড়ো ভাষাত এপিএছচি পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল ৷ উল্লেখ্য যে বিপিএফ দলৰ সাধাৰণ সম্পাদক মনেশ্বৰ ব্ৰহ্ম, প্ৰাক্তন বিধায়কদ্বয় হীতেশ বসুমতাৰী, থানেশ্বৰ বসুমতাৰীৰ উপস্থিতিত প্ৰায় ছয় শতাধিক যুৱক-যুৱতীয়ে বিপিএফ দলত যোগদান কৰে ৷
লগতে পঢ়ক:হাগ্ৰামাৰ কাষলৈ ঢাপলি মেলিলে বড়োভূমিৰ দুই সহস্ৰাধিক শিক্ষাৰ্থী