অসম

assam

বশিষ্ঠৰ কালীবাৰীৰ পৰা সন্ধানহীন এজন যুৱক

By

Published : Jul 3, 2023, 10:14 PM IST

ETV Bharat / videos

Boy Goes Missing From Basistha: মহানগৰীৰ বশিষ্ঠৰ পৰা সন্ধানহীন যুৱক

গুৱাহাটী ৩ জুলাই:গুৱাহাটী মহানগৰীত পুনৰ এক চাঞ্চল্যকৰ ঘটনা । চাৰিদিন ধৰি সন্ধানহীন হৈ আছে বশিষ্ঠ কালীবাৰীৰ এজন যুৱক। চাৰিদিনৰ পূৰ্বে সন্ধিয়াৰ ভাগত ঘৰৰ পৰা ওলাই গৈছিল প্ৰণৱ দাস নামৰ যুৱকজন । তাৰ পিচৰ পৰা সন্ধানহীন হৈ আছে ২৯ বছৰীয়া প্ৰণৱ দাস । আনহাতে প্ৰণৱ দাস নামৰ যুৱজনে ঘৰৰ পৰা ওলাই যোৱাৰ পূৰ্বে লিখি থৈ গৈছে এখন চিঠি ৷ চিঠি উল্লেখ কৰা আছে ' I am sorry that I am huge disappointment to Everyone. I quit ৷’’ 

উল্লেখ্য যে মোবাইল ফোনৰ লগতে পৰিচয় পত্ৰ আৰু আন আন নথি পত্ৰ বেগত ভৰাই ঘৰতেই থৈ গৈছে সন্ধানহীন প্ৰণৱ দাসে । ইতিমধ্যে ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীৰ কাষ চাপিছে প্ৰণৱ দাসৰ পৰিয়ালে। কিন্তু আৰক্ষীয়ে ঘটনাটোত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ। যদি কোনো সদাশয় ব্যক্তিয়ে প্ৰণৱ দাসৰ সন্ধান পালে ৬০০০৬-৪৩৭৮৭ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

লগতে পঢ়ক:Computer teachers hold protests:চকুপানীৰ প্ৰতিবাদে হৃদয় গলাবনে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ?

ABOUT THE AUTHOR

...view details