অসম

assam

অসম আৰক্ষীত বাচনিভুক্ত নলবাৰীৰ সংগীতা কলিতা

ETV Bharat / videos

Assam Police appointment: অসম আৰক্ষীত বাচনিভুক্ত নলবাৰীৰ বক্সিং খেলুৱৈ সংগীতা কলিতা - Youths recruited in Assam Police

By

Published : May 10, 2023, 9:58 PM IST

নলবাৰী,১০ মে': নলবাৰী জিলাৰ বৰভাগৰ ৰণাকুছি গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ সংগীতা কলিতাই অসম পুলিচত লাভ কৰিলে চাকৰি (Sangeeta Kalita selected in Assam Police in Nalbari) । সংগীতাই আন্তঃৰষ্ট্ৰীয় ফুটবলত ৰেফাৰি কৰাৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত বক্সিং খেলি পুৰস্কাৰ লাভ কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছিল (Youths recruited in Assam Police)  ৷  

পিতৃৰ অসুস্থতাৰ কাৰণে ভাতৃ সঞ্জয় কলিতাই পেটৰ তাৰণাত হোটেলত কাম কৰিবলগীয়া হয় (Assam Police appointment) । পিতৃ সূৰ্য কলিতাই সাধাৰণভাৱে তামোল পাণৰ ব্যৱসায় কৰে । ৪ বছৰ বয়সতে মাতৃক হেৰুৱাই মোমায়েকৰ ঘৰত ডাঙৰ দীঘল হৈ অষ্টম শ্ৰেণীত পুনৰ নিজৰ ঘৰলৈ উভতি আহি বৰমাকৰ লগত থাকে আৰু বৰমাক কবিতা কলিতাই শিক্ষাৰ সমস্ত দায়িত্ব বহন কৰে সংগীতা কলিতাৰ (Assam Police Recruitment 2023) ৷  

সংগীতাই ২০১৭ চনত মেট্ৰিক পাছ কৰাৰ পিচত নলবাৰীৰ শিক্ষক কৰুণা বৰ্মনে সম্পূৰ্ণ দায়িত্ব বহন কৰে । তেনেদৰে নিজৰ প্ৰতিভাৰ মাজেৰে চলাই নি এইবেলি অসম পুলিচৰ চাকৰিত বাচনিভুক্ত হয় সংগীতা । সংগীতাই চাকৰিত নিযুক্তি পোৱাত সমগ্ৰ অঞ্চলটোতেই এক আনন্দৰ বন্যা বয় । 

লগতে পঢ়ক:2 years of HBS govt: হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিত যোৰহাটবাসী ৰাইজৰ মতামত

ABOUT THE AUTHOR

...view details