অসম

assam

গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচন

ETV Bharat / videos

New book release: গুৱাহাটী প্ৰেছ ক্লাৱত মামুন ইমদাদুল হক চৌধুৰীৰ গ্ৰন্থ উন্মোচন - গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচন

By

Published : Aug 4, 2023, 7:45 PM IST

গুৱাহাটী,৪ আগষ্ট: বৰ্ণ প্ৰিন্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছৰ দ্বাৰা প্ৰকাশিত প্ৰাক্তন বিধায়ক ড৹ মামুন ইমদাদুল হক চৌধুৰীৰ "ৰাজনীতি: এক অনিশ্চয়তাৰ খেল" শীৰ্ষ প্ৰৱদ্ধ সংকলনখন শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় । গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে ।  

গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে উন্মোচন কৰি কয় প্ৰায়বোৰ বিধানসভাত ৬০% বেপাৰীৰে ভৰি থাকে । ভাৰতবৰ্ষৰ প্ৰায়বোৰ ৰাজ্যত এই কথা ১০০% সচা । মিজোৰাম, নাগালেণ্ড, অৰুণাচল এই তিনিখন ৰাজ্যত ৯০% বিধায়ক-মন্ত্ৰী ঠিকাদাৰ । ঠিকাদাৰ, ব্যৱসায়ী ৰাজনীতিবিদসকলৰ মাজত অধ্যয়ণপুষ্ট ৰাজনীতিকৰ সংখ্যা একেবাৰে সীমিত ।  

খুব কম সংখ্যক মানুহে পঢ়া-শুনা কৰি ৰাজনীতিলৈ আহিছে, বিধানসভাত থকা সময়ত পঢ়া-শুনা অধ্যয়ন অব্যাহত ৰাখিছে । ড৹ মামুন ইমদাদুল হক চৌধুৰীৰ ঠিক তেনেই এজন ব্যক্তি বুলি মন্তব্য কৰে । ড৹ মামুন ইমদাদুল হক চৌধুৰীয়ে, বিভিন্ন বাতৰি কাকতত প্ৰকাশিত তেওঁৰ বিভিন্ন প্ৰৱন্ধসমূহ সংলগ্ন কৰি গ্ৰন্থখন প্ৰকাশ কৰা হৈছে ।  

পাঠকে গ্ৰন্থখন আকোৱালি ল'ব বুলি আশা প্ৰকাশ কৰে । গ্ৰন্থ উন্মোচনী সভাত এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ, প্ৰাক্তন সাংসদ আৰ পি শৰ্মা, আপ অসমৰ সভাপতি ডা: ভবেন চৌধুৰী, শিক্ষাবিধ দীনেশ বৈশ্যকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে । 

লগতে পঢ়ক:Cotton University: কটন বিশ্ববিদ্যালয়ৰ ৭০০ টকীয়া হাজিৰাৰ শিক্ষক নিযুক্তি বিজ্ঞাপন দুৰ্ভাগ্যজনক

ABOUT THE AUTHOR

...view details