অসম

assam

By

Published : Oct 16, 2022, 8:58 AM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / videos

Dibrugarh Tense Situation : ৰাজপথত বেগ থৈ বাৰত যুৱক, সৃষ্টি হ’ল বোমাতংক

মুখ্যমন্ত্ৰীৰ ডিব্ৰুগড় ভ্ৰমণৰ প্ৰাকক্ষণত সংঘটিত হ’ল বোমাতংকৰ ঘটনা (Dibrugarh tense situation) ৷ এটা অচিনাক্ত বেগক কেন্দ্ৰ কৰি ডিব্ৰুগড়ৰ থানা চাৰিআলিত শনিবাৰে সন্ধিয়া হুৱা-দুৱাৰ সৃষ্টি হয় ৷ ৰাজপথত বেগ এটা পৰি থকা দেখি বেগৰ ভিতৰত বোমা থকাৰ সন্দেহত একাংশ লোকে আতংকময় পৰিৱেশৰ সৃষ্টি কৰে (Suspected of bomb in Dibrugarh) ৷ লগেলগে গৰাকীবিহীন বেগটো পৰীক্ষা কৰিবলৈ ডিব্ৰুগড় আৰক্ষীৰ দল উপস্থিত হয় ৷ এনেকৈ কেইবাঘণ্টা যোৱাৰ পিছতো বেগটোৰ গৰাকীজন উপস্থিত হয় ৷ থানা চাৰিআলিৰে গৌৰৱ নামৰ বাৰখনত সুৰাপান কৰি আছিল বেগটোৰ গৰাকী যুৱকজনে ৷ যুৱকজনে নিচাৰ ৰাগীত পাহৰি গৈছিল বেগটো । উল্লেখ্য যে আজি ডিব্ৰুগড়লৈ আহিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma in Dibrugarh)।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details