অসম

assam

বাসগৃহৰ সন্মুখৰ পৰাই চুৰি হ’ল বলেৰ’ বাহন

ETV Bharat / videos

Theft incident: বাসগৃহৰ সন্মুখৰ পৰাই চুৰি হ’ল বলেৰ’ বাহন - Theft incident

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 10:34 PM IST

ৰঙিয়া, 1 ছেপ্টেম্বৰ : ৰঙিয়াত ইটোৰ পিচত সিটোকৈ চুৰিকাণ্ড সংঘটিত হৈছে ৷ বৃহস্পতিবাৰে নিশা ৰঙিয়াৰ কুমাৰপাতাৰ সূতাৰকুছিৰ পৰা এখন বগা ৰঙৰ বলেৰ’ চুৰি হয় । চুৰি হোৱা বাহনখনৰ নম্বৰ হৈছে AS 01 DS 5257 । গাড়ীখনৰ গৰাকী নিজামুদ্দিন আহমেদে জনোৱা অনুসৰি নিশা তেওঁ গাড়ীখন সদায় থোৱা নিৰ্দিষ্ট স্থানতে ৰাখি ঘৰলৈ গৈছিল । কিন্তু পুৱা উঠি নিজামুদ্দিনে গাড়ীখন নিৰ্দিষ্ট স্থানত নেদেখি বিচাৰ খোচাৰ কৰি বিচাৰি নোপোৱাত নিশা গাড়ীখন চুৰি হোৱা বুলি নিশ্চিত হয় । 

ইয়াৰ মাজতে প্ৰতিবেশী এঘৰৰ সন্মুখত থকা চিচিটিভিত গাড়ীখনৰ চুৰিৰ সমষ্ট ঘটনা ৰেকৰ্ড হৈ যায় । চিচিটিভিত থকা অনুসৰি গুৱাহাটীৰ দিশৰ পৰা অহা এখন বগা ৰঙৰ স্কৰ্পিঅ’ বাহনৰ পৰা এজন ব‍্যক্তি নামি আহি নিজামুদ্দিন আহমেদৰ বগা ৰঙৰ বলেৰ’খন চুৰি কৰি 27 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ৰঙিয়া অভিমুখে ৰাওনা হয় । 

ঘটনা সন্দৰ্ভত ইতিমধ্যে ৰঙিয়া আৰক্ষী থানাত গোচৰ তৰিছে বলেৰ’ বাহনখনৰ গৰাকীয়ে । সম্প্ৰতি ৰঙিয়া আৰক্ষীয়ে গাড়ী চুৰি চক্ৰটোৰ সন্ধানত অভিযান চলাইছে যদিও বৰ্তমানলৈকে কোনো শুংসুত্ৰ লাভ কৰা নাই আৰক্ষীয়ে ।

লগতে পঢ়ক:Drugs peddler detained: সৰুপথাৰৰ উৰিয়ামঘাটত ড্ৰাগছসহ দুটা সৰবৰাহকাৰীক আটক

For All Latest Updates

ABOUT THE AUTHOR

...view details