Durga puja 2023 : 200 বছৰত ভৰি দিলে ডিব্ৰুগড়ৰ বকুল দুৰ্গা পূজাই
Published : Oct 20, 2023, 2:12 PM IST
ডিব্ৰুগড়, 20 অক্টোবৰ : মা-দেৱী দুৰ্গাক আদৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ সমান্তৰালকৈ ডিব্ৰুগড়তো চলিছে ব্যাপক প্ৰস্তুতি । ডিব্ৰুগড় জিলাখনত আশীখনৰো অধিক পূজা মণ্ডপ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে । বিভিন্ন পূজা কমিটীয়ে বিভিন্ন ৰূপ সজ্জাৰে পূজা মণ্ডপ নিৰ্মাণ কৰি ভক্তপ্ৰাণ ৰাইজক আকৰ্ষণৰ বাবে চেষ্টা চলাইছে । ইয়াৰ সমান্তৰালভাৱে উজনি অসমৰ ডিব্ৰুগড়ৰ অন্যতম বকুল দুৰ্গা পূজাস্থলীতো চলিছে ব্যাপক প্ৰস্তুতি ।
এইবাৰ 200 বছৰত ভৰি দিলে উজনি অসমৰ ডিব্ৰুগড়ৰ অন্যতম শক্তিশালী বকুল দুৰ্গা পূজাই । আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ শাসনকালত ডিব্ৰুগড়ত প্ৰাণ পাই উঠিছিল বকুল দুৰ্গা পূজা । লোক বিশ্বাস অনুসৰি উজনি অসমৰ অন্যতম এই পূজাত শক্তি পীঠত দিয়া হৈছিল নৰ বলি । তাৰ পাছতে দুৰ্গা দেৱীৰ চৰণত ভক্তিভাৱেৰে আগবঢ়াই দিয়া হৈছিল ম'হ বলি ।
বৰ্তমানে এই পূজা স্থানত দেৱীৰ চৰণত দিয়া হয় ছাগলী, হাঁহ, কোমোৰা বলি । লোক বিশ্বাস অনুসৰি উজনি অসমৰ অতিকৈ পুৰণি এই পূজা স্থান আজিও জাগ্রত বুলি বিশ্বাস কৰে ভক্তসকলে ।
লগতে পঢ়ক:Durga Puja 2023 : তেজপুৰত মহীষমৰ্দিনী নৃত্যৰে দেৱীক প্ৰতিষ্ঠা