অসম

assam

দেউৰী বিহু পালন

ETV Bharat / videos

Deori Bihu: জোনাইত দেউৰী জনগোষ্ঠীৰ বোকা বিহু পালন - Deori Bihu2023

By

Published : Apr 20, 2023, 10:44 AM IST

জোনাই, ২০ এপ্ৰিল:আজি দেউৰী বিহু (Deori Bihu2023)৷ ব’হাগৰ প্ৰথমটো বুধবাৰে উৰুকা পালনৰ পিচতে বৃহস্পতিবাৰে দেউৰীসকলে পালন কৰিছে দেউৰী বিহু ৷ গৰুক গা ধুওৱাৰ পিচতে দেউৰীসকলে পালন কৰিছে বোকা বিহু (Boka Bihu celebrated in Jonai )৷ বোকা খেলি ইজনে-সিজনক দিছে বিহুৰ ওলগ ৷ উৰুকাৰ নিশাৰে পৰা গাঁৱৰ মুখীয়ালৰ ঘৰত লহৰীয়া আবৰবৰ গাই আৰম্ভ কৰে দেউৰী বিহু ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জোনাইৰ লুহিজান মাজগাঁৱতো আজি পুৱাৰে পৰা দেউৰী ৰাইজৰ মাজত দেখা গৈছে বোকা বিহুৰ এক উৎসৱমুখৰ পৰিৱেশ ৷ বুধবাৰে নিশা দেউৰী জনগোষ্ঠীৰ পৰম্পৰাৰ ৰীতি-নীতি অনুসৰি বিহু আৰম্ভ কৰাৰ পিচতে আজি পুৱাৰে পৰা গাঁৱৰ মুখীয়ালৰ ঘৰৰ চোতালত ডেকা-গাভৰু,বোৱাৰী-শিশুকে ধৰি সকলোৱে বোকা বিহুৰে ইজনে-সিজনক বোকা সানি বিহুৰ শুভেচ্ছা জনাইছে । লহৰীয়া আবৰবৰ গাই নাচি দেউৰী জনগোষ্ঠীৰ প্ৰাণৰ ব'হাগ বিহুটি পালন কৰি আনন্দত আত্মহাৰা হৈ পৰিছে ৷

লগতে পঢ়ক:Teok gabhoru bihu: পৰম্পৰা ধৰি ৰাখি টীয়কত উদযাপন গাভৰু বিহু

ABOUT THE AUTHOR

...view details