অসম

assam

ৰঙিয়াৰ ঐতিহাসিক কৃষক শ্বহীদ ভৱনৰ বাকৰিত আৰম্ভ বহাগী মেলা

By

Published : Apr 10, 2023, 1:57 PM IST

ETV Bharat / videos

Bohagi Mela at Rangia : ৰঙিয়াত আৰম্ভ ব’হাগী মেলা

ৰঙিয়া, 10 এপ্ৰিল :চাওঁতে চাওঁতে আহি পালেহি ৰঙৰ ৰঙালী বিহুটি (Rangali Bihu 2023) ৷ ৰঙালীক লৈ ৰাজ্যৰ চাৰিওদিশে এতিয়া উৎসাহৰ বতৰ ৷ ক’ৰবাত যদি চলিছে বিহুনাচ, ঢোল বাদনৰ আখৰা, আন ক’ৰবাত আকৌ তাঁতৰ পাটত থকা কাপোৰজোৰ সম্পূৰ্ণ কৰি উলিওৱাত ব্যস্ত গাঁৱৰ বোৱাৰী-জীয়াৰী ৷ এয়াই ব’হাগৰ বতৰ ৷

ব’হাগৰ বিহুটি বুলি ৰঙিয়াত সোমবাৰৰ পৰা আৰম্ভ হৈছে ব’হাগী মেলা (Bohagi Mela starts at Rangia) । ৰঙিয়াৰ ঐতিহাসিক কৃষক শ্বহীদ ভৱনৰ বাকৰিত আৰম্ভ হোৱা মেলাত ৰঙিয়াৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মহিলাসকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে । এই মেলাখন শুভ উদ্বোধন কৰে ৰঙিয়াৰ মহকুমাধিপতি দ্বীপন বৰ্মনে । অসম ৰাজ্যিক জীৱিকা অভিযান ৰঙিয়া উন্নয়ন খণ্ডৰ সৌজন্যত আয়োজন কৰা এই মেলাত মহিলাসকলে আনিছে নিজ হাতে ঘৰতে উৎপাদন কৰা বিভিন্ন সামগ্ৰী ।

মহিলাসকলে পৰিচালনা কৰা এই মেলাত বিশেষকৈ চুঙা পিঠা, লাড়ু, চিৰা, দৈ, সান্দহ গুড়ি, কুঁহিয়াৰৰ টান মিঠৈ, মিঠাতেলকে আদি কৰি বিভিন্ন ধৰণৰ উৎকৃষ্ট মানৰ খাদ্য সম্ভাৰ উপলব্ধ হৈছে । লগতে মহিলাসকলে হাতে বোৱা গামোচা, মেখেলা-চাদৰকে আদি কৰি বিভিন্ন সামগ্ৰীৰ পোহাৰ মেলিছেহি মেলাখনত ।

অন্য বজাৰৰ তুলনাত থলুৱা আৰু উৎকৃষ্ট মানদণ্ডৰ সকলো বস্তু উপলব্ধ হৈছে এই মেলাত । এই মেলাখন মুকলি হোৱাৰ পিচতে বহু গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে । ইফালে পাকঘৰৰ চাৰিবেৰৰ বাহিৰলৈ আহি গৃহিণীসকলেও নিজ হাতে তৈয়াৰ কৰা সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ পাই যথেষ্ট উৎফুল্লিত হৈ পৰিছে । বজাৰখনৰ জৰিয়তে গৃহিণীয়ে নিজ পৰিয়ালক কিছু পৰিমাণে হ’লেও সকাহ দিব বুলি আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :Bongaigaon weman Dhulia : কান্ধত ঢোল লৈ নাচনী নচুওৱাত ব্যস্ত হিমাশ্ৰী

ABOUT THE AUTHOR

...view details