অসম

assam

ৰঙালীৰ ৰঙত ৰঙীন জ্যোতি বিদ্যাপীঠ

ETV Bharat / videos

Bohag Bihu at Jyoti Vidyapith: ৰঙালীৰ ৰঙত ৰঙীন জ্যোতি বিদ্যাপীঠৰ বাকৰি - ৰঙালীৰ ৰঙত ৰঙীন জ্যোতি বিদ্যাপীঠৰ বাকৰি

By

Published : Apr 17, 2023, 11:42 AM IST

টীয়ক, 17 এপ্ৰিল :আজি ব’হাগৰ তৃতীয়টো দিন (Third day of Bohag) । সমগ্ৰ ৰাজ্য এতিয়া ৰঙালীৰ ৰঙত ৰঙীন হৈ পৰিছে । ইফালে ব’হাগৰ বিহু বুলি ৰাজ্যৰ বিদ্যালয়সমূহ বন্ধ আছিল ৷ বিহুৰ পাচত আজি অৰ্থাৎ সোমবাৰে বিদ্যালয় খোলাৰ প্ৰথমটো দিন । সেয়ে টীয়কৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান জ্যোতি বিদ্যাপীঠৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-কৰ্মচাৰীসকলে জাতীয় সাজপাৰ পৰিধান কৰি আহিছে বিদ্যালয়লৈ (Bohag Bihu at Jyoti Vidyapith)।

সকলোৱে বিদ্যালয়ৰ নীতি-নিয়মৰ মাজেৰে প্ৰাৰ্থনা সভাত জাতীয় সাজপাৰ পৰিধান কৰি অংশগ্ৰহণ কৰিছে । ইপিনে প্ৰাৰ্থনা সভাৰ পাচতেই ছাত্ৰ-ছাত্ৰীসকলে গুৰু সেৱা কৰিয়ে শ্ৰেণী কোঠালৈ প্ৰৱেশ কৰিছে । বিদ্যালয়খনৰ শিক্ষকে উল্লেখ কৰা অনুসৰি, আজি বিদ্যালয়খনত চাৰিটাকৈ পাঠদান সম্পন্ন হোৱাৰ পাচত ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ বাকৰিতে ৰঙালী বিহু উদযাপন কৰিব (Bohag Bihu celebrates at Jyoti Vidyapith in Teok) ৷

লগতে পঢ়ক :Rangali Bihu of Assam : ব’হাগতেই আছে চহা জীৱনৰ প্ৰাণ

ABOUT THE AUTHOR

...view details