জৰিগুৰি অমৰজ্যোতি সংঘৰ সৌজন্যত মাঘ বিহুৰ প্ৰস্তুতি - Magh Bihu 2024
Published : Jan 11, 2024, 7:54 PM IST
তিনিচুকীয়া, 11 জানুৱাৰী : ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইদিনমান দিন ৷ গাঁৱে-ভূঞে এতিয়া ব্যস্ততাৰ অন্ত নাই ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া দিনে-নিশাই যুৱক সকল ব্যস্ত ভেলাঘৰৰ লগতে মেজি সজাত ৷ সকলোৱেই এতিয়া ব্যস্ত হৈ পৰিছে ভোগালীক আদৰাত ৷
তেনে সময়তে আজি তিনিচুকীয়াৰ জৰিগুৰি অমৰজ্যোতি সংঘৰ সৌজন্যত সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে গাঁৱৰ ৰাইজে ভকত সেৱা গ্ৰহণ কৰি মেজি সজা কাৰ্য আৰম্ভ কৰে ৷ সমান্তৰালভাৱে গাঁৱৰ যুৱক, জ্যেষ্ঠজন উৰুকাক লৈ ব্যস্ত ৷ ইফালে ভেলাঘৰত চহা জীৱনৰ প্ৰতিচ্ছবি প্ৰতিফলিত কৰাৰ চলিছে অঘোষিত প্ৰতিযোগিতা ৷ উৰুকাৰ নিশা লগে-ভাগে উদৰ পুৰাই এসাজ খোৱাৰ বাবে বিভিন্ন ঠাইৰ লগতে তিনিচুকীয়াৰ জৰিগুৰি ককৰাতলী আৰু দহোতীয়াচুক বাসী ৰাইজে চলাইছে পূর্ণ প্ৰস্তুতি ৷
লগতে পঢ়ক :পদুলিত ভোগালী: ঢেকীৰ শব্দই ৰজনজনাইছে ৰাজ্যৰ চৌদিশ