Body of newborn found: বোকাখাতত উদ্ধাৰ এটি নৱজাতকৰ মৃতদেহ
পুনৰ ৰাজ্যত সংঘটিত হ'ল মানৱ সমাজক লজ্জানত কৰা এটা ঘটনা । সোমবাৰে পুৱাই বোকাখাতৰ লতাবাৰী শান্তিঘাটত উদ্ধাৰ হ’ল এটি নৱজাতকৰ মৃতদেহ (Body of newborn found) ৷ পলিথিনৰ বেগত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হয় নৱজাতকটিৰ মৃতদেহ ৷ লতাবাৰী শান্তিঘাট শ্মশানৰ এডোখৰ কচুৱনীত নিশাৰ ভাগত পেলাই থৈ যায় নৱজাতকটি ৷ জীৱিত অৱস্থাত আছিল যদিও পেলাই থৈ যোৱাৰ পিছত নৱজাতকটি ঠাণ্ডাৰ প্ৰকোপতে মৃত্যু হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ সোমবাৰে পুৱা স্থানীয় লোকে কচু কাটিবলৈ আহি প্ৰত্যক্ষ কৰে নৱজাতকটিৰ মৃতদেহটো ৷ পিছত স্থানীয় ৰাইজে বোকাখাত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নৱজাতকটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ নিজৰ কুকৰ্ম ঢাকিবলৈ কোনো হৃদয়হীন মাতৃয়ে জন্ম দিয়েই নিজৰ সন্তানটিক পেলাই থৈ যোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
Last Updated : Feb 3, 2023, 8:31 PM IST