Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাক লৈ বিপিএফ দলৰ প্ৰতিক্ৰিয়া - নিৰ্বাচন আয়োগ
গুৱাহাটী, 20 জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ নিৰ্বাচন আয়োগে আয়োজন কৰা শুনানিত অংশগ্ৰহণ কৰি প্ৰতিক্ৰিয়া বিপিএফ দলৰ নেতা দুৰ্গা দাস বড়োৱে ৷ দুৰ্গা দাস বড়োৱে কয় যে বিপিএফৰ পাঁচ জনীয়া গোটে সাক্ষাৎ কৰিছে নিৰ্বাচন আয়োগক ।
তেওঁ কয়, ‘‘দুৰ্ভাগ্যবশত দৰঙৰ লগত বিটিচিৰ 6 খন বিধানসভাৰ আসন লগ লগাই দৰং লোকসভা কৰিছে । বিটিচিৰ বাহিৰৰ সমষ্টিৰ লগত 6 টা সমষ্টি লগাই দিয়াটো আমি মানি ল'ব নোৱাৰোঁ ।’’
তেওঁ আৰু কয়, ‘‘বিটিচি বৰ্তমান শান্ত অৱস্থাত আছে, কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পাচত দৰঙৰ লগত যদি বিটিচিৰ 6 টা সমষ্টি লগাই দিয়ে তেন্তে সেইটোৱে ভৱিষ্যতে আন্দোলনৰ নাম লৈ অন্য ফালে গতি কৰাৰ কথাও নুই কৰিব নোৱাৰি বুলি নিৰ্বাচন আয়োগক জানিবলৈ হৈছে ৷’’
লগতে পঢ়ক:Constituency delimitation: NRC উন্নীতকৰণ নকৰাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব নালাগে; লুৰীণজ্যোতি গগৈ