Bodies of two youths found in Hengrabari:হেঙেৰাবাৰীত উদ্ধাৰ দুজনকৈ যুৱকৰ মৃতদেহ - হেঙেৰাবাৰীৰ জনস্বাস্থ্যকাৰিকৰী বিভাগ
গুৱাহাটী, ৮ জুলাই : গুৱাহাটীৰ হেঙেৰাবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । একেলগে উদ্ধাৰ হৈছে দুজনকৈ যুৱকৰ মৃতদেহ । হেঙেৰাবাৰীৰ জনস্বাস্থ্যকাৰিকৰী বিভাগৰ সমীপত উদ্ধাৰ হৈছে যুৱক দুজনৰ মৃতদেহ ।
বিভাগটোৰ এটা পৰিত্যক্ত আৱাসগৃহত উদ্ধাৰ হৈছে দুজন যুৱকৰ মৃতদেহ । এজন যুৱক নৱ নগৰৰ সুৰজিৎ সিনহা (৩৫) বুলি চিনাক্ত কৰা হৈছে যদিও আনজন যুৱকৰ পৰিচয় এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই । সুৰজিৎ সিনহা জিমৰ প্ৰশিক্ষক বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত উপস্থিত হৈ দিশপুৰ আৰক্ষী, CID দলে তদন্ত আৰম্ভ কৰিছে ।
যুৱক দুজনক হত্যা কৰা হৈছে নে অত্যাধিক নিচা সেৱনৰ ফলত তেওঁলোকে মৃত্যুক সাৱটি ল’ব লগা হৈছে তাৰ কাৰণ পোহৰলৈ অহা নাই । যুৱকদুজনৰ মৃতদেহৰ ওচৰত চিৰিঞ্জ উদ্ধাৰ হোৱাৰ লগতে ঘৰৰ বাহিৰত তিনিটাকৈ হেলমেট উদ্ধাৰ হৈছে । দুয়োজন যুৱক একেটা প্ৰতিষ্ঠানত কৰ্মৰত বুলি প্ৰত্যক্ষদৰ্শীয়ে সন্দেহ প্ৰকাশ কৰিছে কিয়নো দুইজন যুৱকে একে ৰংঙৰ একে ধৰণৰ টি চাৰ্ট পৰিধান কৰি আছে ।
সেই ঘৰটোৰ ভিতৰত নিচাজাতীয় দ্ৰব্যৰ আড্ডা চলে বুলিও স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ।
লগতে পঢ়ক :Fire breakout in Chandrapur: সুৰাপানত বাধা দিয়াৰ বাবে ধাবাত অগ্নিসংযোগ