অসম

assam

নাও দুৰ্ঘটনা

ETV Bharat / videos

Boat Accident at Namchang: জয়পুৰৰ নামচাংত বুঢ়ীদিহিঙৰ বুকুত নাও দুৰ্ঘটনা

By

Published : Jul 5, 2023, 12:34 PM IST

ডিব্ৰুগড়, 5 জুলাই:জয়পুৰ নামচাঙত ভয়ংকৰ নাও দুৰ্ঘটনা ৷ প্ৰাপ্ত খবৰ অনুসৰি নামচাঙৰ পুবেৰুণ বস্তিৰ পৰা অৰুণাচলৰ দেওমালিলৈ যোৱা যাত্ৰীবাহী নাও বুঢ়ীদিহিঙৰ বুকুত দুৰ্ঘটনাত পতিত হয় ৷ দুৰ্ঘটনাৰ সময়ত নাওখনত মহিলা, শিশুসহ মুঠ 9 জন যাত্ৰী আছিল ৷

যাতায়তৰ একমাত্ৰ মাধ্যম হিচাবে অত্যন্ত খৰস্ৰোতা নদীখনত বিপদ সংকুলভাৱে টুলুঙা নাও চলাচল হৈ আছিল ৷ জনাঞ্চলৰ পৰা বহু আঁতৰত অৱস্থিত অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল এই নামচাংৰ যাতায়ত ব্যৱস্থা অতিকৈ শোচনীয় ৷ তেনে স্থলত চৰকাৰী অনুজ্ঞাপত্ৰবিহীন ভাৱে এই ঘাটটোত চলি আছিল নাও ৷ 

পানীৰ তীব্ৰ সোঁত, জলস্তৰ বৃদ্ধি পোৱাৰ পাছতো বিপদ সংকুলভাৱে নাও চলাচল কৰি আছিল এই ঘাটটোত ৷ অৱশ্যে সৌভাগ্যক্ৰমে কোনো লোক এই দুৰ্ঘটনাত হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে আটাইকেইজন যাত্ৰীক ততাতৈয়াকৈ উদ্ধাৰ কৰা হয় ৷

লগতে পঢ়ক:Rock Crushes Cars in Nagaland: ভয়াবহ! পাহাৰৰ পৰা বাগৰি অহা প্ৰকাণ্ড শিলে মুহূৰ্ততে চুৰ্চুমৈ কৰিলে বাহন

ABOUT THE AUTHOR

...view details