অসম

assam

শোকাৱহ নাও দুৰ্ঘটনা

ETV Bharat / videos

Boat Accident in Dibru River: চাবুৱাৰ ডিব্ৰু নদীত শোকাৱহ নাও দুৰ্ঘটনা, সন্ধানহীন দুজন - Two Person Missing in a Boat Accident in Chabua

By

Published : Jun 26, 2023, 5:17 PM IST

ডিব্ৰুগড়, 26 জুন: ডিব্ৰুগড়ৰ চাবুৱাত ডিব্ৰু নদীত শোকাৱহ নাও দুৰ্ঘটনা ৷ খৰি আনিবলৈ গৈ সংঘটিত হয় এই ঘটনা ৷ এই ঘটনাত নদীৰ বুকুত সন্ধানহীন হৈ পৰিছে দুজন লোক ৷  

জানিব পৰা মতে, এখন হাত নাও লৈ ডিব্ৰু নদীৰ এটা সৰু সুঁতিত খৰি বুটলিছিল তিনিজন যুৱকে ৷ খৰি গোটাই থকাৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো ৷ নাওখন ডুবি যোৱাৰ ফলত এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷  

ঘটনাত দুজন যুৱক সন্ধানহীন হৈছে ৷ আনহাতে এজন যুৱকে কোনোমতে প্ৰাণ লৈ পাৰলৈ আহে যদিও আন দুজন যুৱক সন্ধানহীন হয় ৷ সন্ধানহীন হৈ পৰা যুৱক কেইজন বালিজান চাহ বাগিচাৰ পুৰণা লাইনৰ ক্ৰমে বিনয়‌ সোণাৰ (15) আৰু চনু মূড়া (22) বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু SDRF বাহিনী উপস্থিত হৈ যুৱক কেইজনৰ সন্ধানৰ বাবে আৰম্ভ কৰিছে অভিযান ৷ 

লগতে পঢ়ক:Nearly five crore scheme collapsed in Nalbari:নলবাৰীৰ লাৰকুছিত খহি পৰিল কোটি টকীয়া আঁচনিৰ বৃহৎ অংশ

For All Latest Updates

ABOUT THE AUTHOR

...view details