Black Panther Rescued : ৰাজ্যিক চিৰিয়াখানাৰ আলহি হ'ব মৰাণত উদ্ধাৰ হোৱা দুষ্প্ৰাপ্য ঘোং - দুষ্প্ৰাপ্য ঘোং
ডিব্ৰুগড়, 30 এপ্ৰিল: কেইদিনমান পূৰ্বে মৰাণৰ ধেমেচীত পিঞ্জৰাবদ্ধ হৈছিল এটা দুষ্প্ৰাপ্য ঘোং ৷ খোৱাং আঞ্চলিক বন বিভাগে ধেমেচী পশু চিকিৎসালয়ৰ সমীপত স্থাপন কৰা পিঞ্জৰাত পিঞ্জৰাবদ্ধ হয় ঘোংটো ৷ পৰৱৰ্তী সময়ত খোৱাং আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ অনা হৈছিল ঘোংটো (Black Panther Rescued in Moran) ৷
উল্লেখযোগ্য যে অঞ্চলটোত বহুদিনৰ পৰা ঘোংটোৱে আতংকৰ সৃষ্টি কৰি বহু পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি আহিছিল ৷ বন বিভাগে জানিবলৈ দিয়া মতে দুষ্প্ৰাপ্য ঘোংটো এতিয়াৰে পৰা গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাত থাকিব ৷ চিৰিয়াখানাৰ পৰা অহা চিকিৎসক আৰু বিষয়াৰ এটা দলে ইতিমেধ্য মৰাণৰ খোৱাং আঞ্চলিক বন বিভাগৰ পৰা পিঞ্জৰাবদ্ধ দুষ্প্ৰাপ্য ঘোংটো লৈ গৈছে (Black Panther Sent to Assam State zoo) ৷
লগতে পঢ়ক:Poachers arrested: বন বিভাগৰ জালত তিনি দুৰ্ধৰ্ষ চোৰাং চিকাৰী