অসম

assam

ETV Bharat / videos

ওৰাঙত চলিছে ইউৰিয়া সাৰৰ ক’লা ব্যৱসায় - Black market for fertilizers at Orang

By

Published : Sep 10, 2022, 10:42 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ৰাজ্যত এতিয়া ইউৰিয়া সাৰৰ ব্যাপক নাটনি (Massive shortage of fertilizers in Assam) । তাৰ মাজতে একাংশ অসাধু ব্যৱসায়ীয়ে চলাই আহিছে ইউৰিয়া সাৰৰ ক’লা ব্যৱসায় । এতিয়া ৰাজ্যত বগা ইউৰিয়া সাৰৰ ক’লা বজাৰ চলিছে । ওৰাঙৰ ধনশ্ৰী ঘাটৰ এম এছ বিষ্ণু এগ্ৰো হাউছ নামৰ প্ৰতিষ্ঠানখনৰ বিষ্ণু ছেত্ৰী নামৰ অসাধু ব্যৱসায়ীগৰাকীয়ে কৃষকক ৰাম ঠগন দি ২৬৬ টকাৰ ইউৰিয়া সাৰৰ মূল্য ৫২৫ টকাৰ পৰা ৭০০ টকা পৰ্যন্ত বিক্ৰী কৰি আহিছে (Black market for fertilizers at Orang) ৷ ফলত অধিক মূল্য হোৱা বাবে সাৰ ক্ৰয় কৰিব নোৱাৰি ক্ষোভিত হৈ দৰিদ্ৰ কৃষকসকলে কৃষি বিভাগক অভিযোগ উত্থাপন কৰে যদিও কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বিভাগটোৱে ৷ উপায়ন্তৰ হৈ কৃষক সকলে এম এছ বিষ্ণু এগ্ৰো হাউছ নামৰ প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী বিষ্ণু ছেত্ৰীৰ বিৰুদ্ধে ওৰাং থানাত এখন এজাহাৰ দাখিল কৰে ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details