Azadi ka Amrit Mahotsav: স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে বিহালীত জনতা যুৱ মৰ্চাৰ বাইক ৰেলী
দেশৰ ৭৫তম স্বাধীনতা দিৱসৰ (75th Independence Day) সৈতে সংগতি ৰাখি দেশজুৰি আয়োজন কৰা হৈছে "আজাদী কা অমৃত মহোৎসৱ"ৰ (Azadi ka Amrit Mahotsav) ৷ ইয়াৰ অংশ হিচাপে ৰাজ্যখনৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে 'হৰ ঘৰ ত্ৰিৰংগা অভিযান’ৰ(Har Ghar Tiranga Campaign) ৷ বুধবাৰে বিশ্বনাথৰ বিহালী বিধান সভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্দেশ অনুসৰি উলিওৱা হয় এক বিশাল বাইক ৰেলী ৷ বিহালী আৰু বাঘমাৰী মণ্ডল জনতা যুৱ মৰ্চাৰ উদ্যোগত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আয়োজন কৰা হয় এই বাইক ৰেলীৰ ৷ বিহালী কলেজ খেলপথাৰৰ পৰা শতাধিক বিজেপিৰ কৰ্মকৰ্তা, স্থানীয় ৰাইজৰ লগতে বৰগাং গাঁও পঞ্চায়তৰ সভাপতিয়ে অংশগ্ৰহণ কৰে সজাগতামূলক এই বাইক ৰেলীটোত । বিহালী কলেজ খেলপথাৰৰ পৰা বেদেতী, নাচবৰ হৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ বাঘমৰা ব্লকত ৰেলীটোৰ অন্ত পৰে ৷
Last Updated : Feb 3, 2023, 8:26 PM IST