অসম

assam

Dibrugarh BJP state regional office: ডিব্ৰুগড়ত নিৰ্মাণ হ'ব বিজেপিৰ অত্যাধুনিক আঞ্চলিক কাৰ্যালয়

By

Published : Apr 8, 2023, 9:30 AM IST

বিজেপিৰ অত্যাধুনিক আঞ্চলিক কাৰ্যালয়

ডিব্ৰুগড়, 8 এপ্ৰিল :গুৱাহাটীত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ পিচত এইবাৰ বিজেপিৰ আঞ্চলিক কাৰ্যালয় নিৰ্মাণ হ'ব ডিব্ৰুগড়ত । ডিব্ৰুগড় চহৰত বিজেপিৰ অত্যাধুনিক আঞ্চলিক কাৰ্যালয় নিৰ্মাণৰ বাবে ইতিমধ্যে বিভাগীয় ভূমি আৱন্টন লাভ কৰিছে শাসকীয় দলটোৱে । এই কাৰ্যালয়ৰ ভূমি পূজন অনুষ্ঠানত অংশ ল'ব দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহে । অহা ১১ এপ্ৰিলত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ডিব্ৰুগড় চহৰৰ মানকটা খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া বিজেপিৰ বিশাল জনসভাত অংশগ্ৰহণ কৰিব । য'ত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাসহ মন্ত্ৰী-বিধায়কসহ বিজেপিৰ বহু শীৰ্ষ নেতৃত্ব (Dibrugarh BJP state regional office) ।

চহৰখনৰ জীৱন ফুকন নগৰত নিৰ্মাণ হ'বলগীয়া বিজেপিৰ আঞ্চলিক কাৰ্যালয়ৰ ভূমি পূজন অনুষ্ঠানটোক লৈ প্ৰস্তুতি তুংগত উঠিছে (BJP state regional office) । আজি জিলা বিজেপিৰ নেতৃত্বৰ সৈতে আলোচনাত বহিব ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা । ১০ এপ্ৰিলত বিশেষ বিমানযোগে ডিব্ৰুগড়ত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । নিশাটো জলসম্পদ বিভাগৰ অতিথিশালাত থাকিব অমিত শ্বাহ । ১১ এপ্ৰিলত পুৱা মানকটা খেলপথাৰত হ'বলগীয়া জনসভাত অংশ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক :Assam Covid update: দেশত পুনৰ ক'ভিডৰ দ্ৰুত সম্প্ৰসাৰণক লৈ স্বাস্থ্যমন্ত্ৰীৰ বৈঠক

ABOUT THE AUTHOR

...view details