অসম

assam

BJP pravas yojana

ETV Bharat / videos

BJP pravas yojana: নলবাৰীত বিজেপিৰ বৰপেটা লোকসভাৰ প্ৰৱাস যোজনা বৈঠক - 2024 Lok Sabha election

By

Published : Aug 8, 2023, 8:25 PM IST

নলবাৰী, ৮ আগষ্ট: লোকসভা নিৰ্বাচনক লৈ শাসকীয় বিজেপিয়ে ব্যাপক ৰূপত অব্যাহত ৰাখিছে প্ৰস্তুতি ৷ ইতিমধ্যে বৰপেটা সংসদীয় লোকসভা সমষ্টিতো দলটোয়ে চলাইছে লোকসভা নিৰ্বাচন কেন্দ্ৰিক প্ৰস্তুতি ৷ 

ইয়াৰ অংশস্বৰূপে মঙলবাৰে নলবাৰীৰ বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হয় বৰপেটা লোকসভাৰ প্ৰৱাস যোজনা বৈঠক । বৈঠকত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মিত্ৰতা সন্দৰ্ভত বৰ্তমানলৈ কোনো ধৰণৰ আলোচনা হোৱা নাই ৷ আগন্তুক লোকসভা নিৰ্বাচনত ১৪ টা সমষ্টিয়েই দখল কৰিব বিজেপি মিত্ৰজোঁ‌টে ।

উল্লেখ্য যে এই প্ৰৱাস যোজনা বৈঠকত ৰাজ্যিক সভাপতিগৰাকীৰ লগতে উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বৰপেটা লোকসভা সমষ্টিৰ প্ৰভাৰী তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ লগতে দলটোৰ কেইবাজনো শীৰ্ষ নেতৃত্ব ৷

লগতে পঢ়ক:AASU stages protest against price hike: দুখীয়া ৰাইজক টুলুঙা মন্তব্যৰে ভেঙুচালি নকৰিবলৈ চৰকাৰক সকীয়নি আছুৰ

ABOUT THE AUTHOR

...view details