অসম

assam

লোকসভা নিৰ্বাচনক লৈ তৎপৰ বিজেপি যুৱ মৰ্চা

ETV Bharat / videos

BJP Yuva Morcha executive meeting: লোকসভা নিৰ্বাচনক লৈ তৎপৰ বিজেপি যুৱ মৰ্চা - BJP Yuva Morcha executive meeting

By

Published : Jun 5, 2023, 5:46 PM IST

ৰৌতা,5 জুন:সমাগত লোকসভা নিৰ্বাচন 2024 (Lok Sabha poll 2024)৷ লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ বিটিচি নিৰ্বাচনকলৈও তৎপৰ হৈছে বিজেপিৰ যুৱ মৰ্চা। বিশেষকৈ ওদালগুৰি লোকসভা সমষ্টি দখলৰ বাবে ব্লু প্ৰিন্ট বিজেপিৰ (BJP Yuva Morcha executive meeting)। সোমবাৰে ৰৌতাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ওদালগুৰি জিলাৰ এক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । এই সভাত ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা উপস্থিত থাকে।  

ভাৰতীয় জনতা যুৱ মৰ্চাৰ ওদালগুৰি জিলা সমিতিৰ কৰ্মীসকলক সংগঠিত হোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনমুখী আঁচনিসমূহৰ বিষয়ে ৰাইজ সজাগ কৰিবলৈ কৰ্মীসকলক আহ্বান জনায়। ইফালে লোকসভাৰ লগতে আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে যুৱ মৰ্চাৰ ৰণকৌশল সাজু বুলি মন্তব্য প্ৰকাশ কৰে ত্ৰিদীপ মৰাণে ৷ জিলা যুৱ মৰ্চাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত যুৱ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ত্ৰিদীপ মৰাণ, সম্পাদক নিহাল কাশ্যপৰ লগতে বহু নেতাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:World environment day: জামুগুৰিহাটৰ পৰা চতিয়ালৈ ৰাষ্ট্ৰীয় ঘাইপথৰ ২১ কিলোমিটাৰ পথত গছপুলি ৰোপণ

ABOUT THE AUTHOR

...view details