অসম

assam

শৃংখল চলিহাই কৰা কাৰ্য কোনোপধ্যেই গ্ৰহণযোগ্য নহয়- বিজেপি নেতা

By

Published : May 2, 2023, 9:57 PM IST

ETV Bharat / videos

Srinkhal Chaliha detained : শৃংখল চলিহাই কৰা কাৰ্য কোনোপধ্যেই গ্ৰহণযোগ্য নহয়; বিজেপি নেতা

মাজুলী, 2 মে’: "আমাৰ সমাজখনৰ সকলো একত্ৰিত হৈ কাম কৰোঁ (Srinkhal Chaliha detained) । যদি কোনো লোকে কাৰোবাক আক্ৰমণ কৰে চৰিত্ৰ হনন কৰে তেন্তে তাৰ ওপৰত ব্যৱস্থা ল’বই ৷ এইখন এখন সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ দেশ ৷ ইয়াত কাৰো কাকো অপমান কৰাৰ অধিকাৰ নাই ৷  এই ব্যৱস্থাত যদি কোনোবাই কাৰোবাক অপমান কৰে তেতিয়া চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবই । শৃংখল চলিহাই এজন ব্যক্তিক যি অপমান কৰিলে সেয়া কেতিয়াও গ্ৰহণ যোগ্য নহয় । সেয়েহে চৰকাৰ, প্ৰশাসনে অতি সোনকালে শৃংখল চলিহাক আটক কৰিছে ।" শৃংখল চলিহাৰ আটক সম্পৰ্কত মাজুলীত মন্তব্য প্ৰকাশ কৰিছে বিজেপি যুৱ মৰ্চা অসমৰ সভাপতিয়ে (BJPYM Assam president on Srinkhal Chaliha)।  

ইয়াৰোপৰি অসম চৰকাৰ, শিৱসাগৰ আৰক্ষী প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে বিজেপি যুৱ মৰ্চা অসমৰ সভাপতিগৰাকীয়ে। শিৱসাগৰত বিহু চান্দা তুলিবলৈ অনা অসমীয়া ব্যৱসায়ীৰ লগত অভব্য আচৰণ কৰিছিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই ৷ এই সমগ্ৰ ঘটনা বন্দী হৈছিল চিচিটিভি ফুটেজত ৷  

লগতে পঢ়ক:Minor suspected death: নাবালিকা বোৱাৰীৰ ৰহস্যজনক মৃত্যু ! স্বামীলৈ সন্দেহৰ আঙুলি

ABOUT THE AUTHOR

...view details