অসম

assam

কলাইগাঁৱত বিজেপিৰ কৰ্মীৰ আনন্দ উল্লাস

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 8:10 AM IST

ETV Bharat / videos

তিনি ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলক লৈ কলাইগাঁৱত বিজেপিৰ কৰ্মীৰ আনন্দ উল্লাস

ওদালগুৰি, 4 ডিচেম্বৰ :‘24ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফল দেওবাৰে প্ৰকাশ পালে ৷ চাৰি ৰাজ্যৰ তিনিখন ৰাজ্যত বিজেপিৰ বিজয়ত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ দেশৰে বিজেপি কৰ্মীসকল  ৷ অসমৰ বিভিন্ন প্ৰান্তততো বিজেপি কৰ্মীসকলে আনন্দ উল্লাস প্ৰকাশ কৰা দেখা গ’ল ৷

দেওবাৰে ওদালগুৰি জিলাৰ কলাইগাঁৱতো বিজেপিৰ কৰ্মীয়ে আনন্দত উল্লাস প্ৰকাশ কৰা দেখা গ’ল ৷ এক প্ৰকাৰ আবতৰীয়া দীপাৱলী পালন কৰিলে বিজেপি কৰ্মীসকলে ৷ প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত সমগ্ৰ ভাৰতে উন্নয়ন হৈছে ৷ মোদীৰ সৱল নেতৃত্বৰ বাবে দেশবাসীয়েও তেওঁকে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিব বুলি উল্লেখ কৰে বিজেপি কৰ্মীসকলে ৷ 

আনহাতে বিটিআৰৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাই কয়, ‘‘ অসমতো বিজেপিৰে জয় হ’ব ৷ বিৰোধী একগোট হৈ একো লাভ নাই ৷’’

লগতে পঢ়ক :ঐতিহ্যমণ্ডিত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হীৰক জয়ন্তী উদযাপন

ABOUT THE AUTHOR

...view details