অসম

assam

কংগ্ৰছৰ বিৰুদ্ধে নলবাৰীত বিজেপি কৰ্মীৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 8:00 PM IST

কংগ্ৰছৰ বিৰুদ্ধে নলবাৰীত বিজেপি কৰ্মীৰ প্ৰতিবাদ

নলবাৰী, 9 ডিচেম্বৰ :লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছৰ বাবে মূৰত সৰগ ভাগি পৰা অৱস্থা ৷ কিয়নো শুকুৰবাৰে ঝাৰখণ্ডৰ কংগ্ৰেছ দলৰ ৰাজ্যসভাৰ সাংসদৰ ঘৰত প্ৰায় 200 কোটি টকা উদ্ধাৰ হৈছিল ৷ ইয়াৰ পাচতে কংগ্ৰেছক সমালোচনাৰে থকা-সৰকা কৰিছে বিজেপিৰ নেতা কৰ্মীয়ে ৷

ইফালে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰতিখন জিলাৰ লগতে নলবাৰী জিলাতো শনিবাৰে কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদী কাযসূচী ৰূপায়ন কৰে বিজেপিৰ কৰ্মীসকলে ৷ কংগ্ৰেছ চৰকাৰ হাই হাই, দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছ চৰকাৰ নিপাত যাওঁক আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি কৰ্মীসকলে ৷ I.N.D.I.A  মিত্ৰজোঁটৰ নেতাসকল দুৰ্নীতিগ্ৰস্থ আৰু ভ্ৰষ্টাচাৰত লিপ্ত সেয়া পুনৰ প্ৰমাণ কৰিলে বুলি প্ৰতিবাদী বিজেপি কৰ্মীয়ে কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে ৷ এতিয়াই দুৰ্নীতিত লিপ্ত হৈছে, শাসনলৈ আহিলে কিমান দুৰ্নীতি কৰিব তাৰ কোনো হিচাপ নাই বুলি কংগ্ৰেছক সমালোচনা কৰে প্ৰতিবাদী বিজেপি কৰ্মীয়ে ৷   

লগতে পঢ়ক :শান্তিপ্ৰিয় অসমৰ ৰাইজৰ স্বাৰ্থত পৰেশ বৰুৱাই শান্তি আলোচনাৰ বাবে আগুৱাই অহাটো উচিত : ভৱেশ কলিতা

ABOUT THE AUTHOR

...view details