অসম

assam

লোকসভা নিৰ্বাচনত 12খন আসন দখল কৰিব বিজেপিয়ে: পীয়ূষ হাজৰীকা

ETV Bharat / videos

Lok Sabha election 2024: লোকসভা নিৰ্বাচনত 12খন আসন দখল কৰিব বিজেপিয়ে: পীয়ূষ হাজৰীকা - মন্ত্ৰী পীয়ূষ হাজৰীকা

By

Published : Mar 2, 2023, 7:30 PM IST

বিলাসীপাৰা, 2 ফেব্ৰুৱাৰী: আগন্তুক 2024 ৰ লোকসভা নিৰ্বাচনত সৰ্বাধিক আসন দখল কৰাৰ উদ্দেশ্যে আন ৰাজনৈতিক দলসমূহৰ লগতে শাসকীয় দল বিজেপিয়েও অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান ৷ ৰাজ্যৰ 14 টা লোকসভা সমষ্টিৰ ভিতৰত 12 টা লোকসভা সমষ্টিতেই বিজেপিয়ে জয়লাভ কৰিব বুলি দাবী কৰি আহিছে (Lok Sabha election 2024) ৷  

বৃহস্পতিবাৰে সেই কথাকে পুনৰবাৰ দোহাৰিলে মন্ত্ৰী পীয়ূষ হাজৰীকাই ৷ পীয়ূষ হাজৰীকাৰ দাবী, 12 টা সমষ্টিত অনায়াসে জয়লাভ কৰিব বিজেপিয়ে ৷ ইফালে, ধুবুৰী লোকসভা সমষ্টি সন্দৰ্ভত মন্ত্ৰীগৰাকীক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি তেওঁ ধুবুৰীত বিজেপিয়ে জয়লাভ কৰাত অনিশ্চয়তা প্ৰকাশ কৰে ৷ পীয়ূষ হাজৰীকাৰ মন্তব্য, ‘‘ধুবুৰীত নিৰ্বাচনত খেলিবলৈ আমাৰ অসুবিধা ৷ তথাপিও আমি যোগ্য প্ৰাৰ্থী দি প্ৰতিদ্বন্দিতা কৰিম ৷ আমাক ভোট নিদিয়া মানুহৰ সংখ্যা ধুবুৰীত অধিক ৷ গতিকে কোনে জয়লাভ কৰিব সেয়া নিশ্চিত নহয় (Piyush Hazarika on Lok Sabha election) ৷’’

আনহাতে কংগ্ৰেছৰ সৈতে অব্যাহত থকা AIUDFৰ সংঘাত সন্দৰ্ভত মত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘‘কোন দিনা ভূপেন বৰাই AIUDFক গালি পাৰে, কোন দিনা আজমলে কংগ্ৰেছক গালি পাৰে বা কোন দিনা একেলগ হৈ যায় সেয়া ধৰিব নোৱাৰি ৷’’ উল্লেখ কৰা প্ৰয়োজন যে, 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে মিত্ৰতাক লৈ কংগ্ৰেছ আৰু AIUDFৰ মাজত অব্যাহত আছে বাকযুদ্ধ ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি দলটোৰ আন নেতাই AIUDFৰ সৈতে মিত্ৰতাক নস্যাৎ কৰি আহিছে যদি গদা ঘূৰাইয়ে আছে বদৰুদ্দিন আজমলে (Congress AIUDF Alliance) ৷  

ইফালে, ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডৰ ফলাফল সন্দৰ্ভত পীয়ূষ হাজৰীকাই কয়, ‘‘সকলোতে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হৈছে ৷ ইয়াৰ পৰা এটা কথা প্ৰমাণ হয় যে প্ৰধানমন্ত্ৰীৰ প্ৰতি উত্তৰ পূবৰ ৰাইজৰ আকৰ্ষণ দিনে দিনে বৃদ্ধি পাইছে ৷ বিজেপি চৰকাৰে যে কাম কৰে সেয়া প্ৰতিফলন ঘটিছে ৷ কাৰণ ত্ৰিপুৰাৰ দৰে ৰাজ্যত কমিউনিষ্ট আৰু কংগ্ৰেছ একলগ হৈয়ো জয়লাভ কৰিব পৰা নাই (Assembly election 2023) ৷ ’’

নাগালেণ্ড আৰু মেঘালয়তো কংগ্ৰেছ নাই বুলি উল্লেখ কৰি দেশৰ সকলোতে বিজেপিৰ জয়যাত্ৰা অব্যাহত থাকিব বুলিও মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰীকাই ৷ দেশৰ সকলো প্ৰান্ততে বিজেপিৰ নেতৃত্বত উন্নয়ন সাধন হৈছে বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ ৷ 

লগতে পঢ়ক:Congress MLA to join AIUDF: 7 গৰাকী কংগ্ৰেছ বিধায়কে যোগ দিব AIUDF ত: আজমলৰ বাণী

ABOUT THE AUTHOR

...view details