অসম

assam

কংগ্ৰেছ দলে অপ-সংস্কৃতি ভাল বুলি ক’বলৈ চেষ্টা কৰিছে: ভৱেশ কলিতা

By

Published : Feb 6, 2023, 4:06 PM IST

ETV Bharat / videos

Bhabesh Kalita on child marriage: কংগ্ৰেছ দলে অপ-সংস্কৃতি ভাল বুলি ক’বলৈ চেষ্টা কৰিছে: ভৱেশ কলিতা

ৰঙিয়া, 6 ফেব্ৰুৱাৰী : বাল্যবিবাহ বিৰোধী অভিযানক লৈ প্ৰতিক্ৰিয়া ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ(Bhabesh Kalita) ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৱেশ কলিতাই কয় যে, বাল্যবিবাহ এক সামাজিক ব্যাধি ৷ এগৰাকী ভগ্নীয়ে অথবা এগৰাকী ছোৱালীয়ে 18 বছৰৰ আগত যাতে বিবাহপাশত আবদ্ধ নহয় তাৰ প্ৰতি সচেতন হ’বলৈ সমাজৰ প্ৰতিগৰাকী নাগৰিকক আহ্বান ভৱেশ কলিতাৰ(Bhabesh Kalita on child marriage) ৷

লগতে, কম বয়সতে মাতৃত্বৰ বোজা গ্ৰহণ কৰিবলগীয়া হ’লে এগৰাকী নাৰী কুমলীয়া বয়সতেই মৰহি যায় বুলিও মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়কগৰাকীৰ(Underage marriage in Assam) ৷ বাল্যবিবাহৰ বিৰুদ্ধে বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক উচিত ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ বাল্যবিবাহ সমাজৰ পৰা দূৰ হ’ব বুলি আশা প্ৰকাশ কৰে(Crackdown on child marriage in Assam) ৷

বাল্যবিবাহ বিৰোধী অভিযানৰ ক্ষেত্ৰত কংগ্ৰেছে গ্ৰহণ কৰা স্থিতিকো সমালোচনা কলিতাৰ ৷ তেওঁ কয় যে, কংগ্ৰেছ দলে অপ-সংস্কৃতিক ভাল বুলি ক’বলৈ চেষ্টা কৰি আছে ৷ যি আনৰ বাবে বেয়া সেয়া কংগ্ৰেছ দলৰ বাবে ভাল ৷ যেনে বাল্যবিবাহ, দুৰ্নীতি আদি কংগ্ৰেছৰ বাবে ভাল(Bhabesh Kalita slams congress) ৷ লগতে, কংগ্ৰেছ দলৰ বাবে প্ৰকৃততে বেয়া কি বুলিও প্ৰশ্ন কৰে ৰঙিয়া সমষ্টিৰ বিধায়কগৰাকীয়ে ৷  

ৰঙিয়াৰ উদিয়ানাৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ দলৰ বিৰুদ্ধে সৰৱ হোৱাৰ লগতে বাল্যবিবাহক লৈ এই মন্তব্য কৰে ভৱেশ কলিতাই ৷ উল্লেখ্য যে, বাল্যবিবাহ বিৰোধী অভিযানক কংগ্ৰেছ বা আন বিৰোধী দলেও সমৰ্থন জনাইছে ৷ কিন্তু এই ক্ষেত্ৰত চৰকাৰে যি প্ৰক্ৰিয়া গ্ৰহণ কৰিছে তাক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছে(Operation against child marriage) ৷ 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক মুনাফা আদায়, সস্তীয়া জনপ্ৰিয়তা আৰু চমক সৃষ্টিৰ বাবেহে এই কাম কৰা বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে ৷ লগতে কংগ্ৰেছ নেতা তথা কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীয়ে এখন নাটক কৰা বুলিও অভিযোগ উত্থাপন কৰিছে(Gaurav Gogoi on child marriage)  ৷ 

লগতে পঢ়ক:Earthquake in Turkey: তুৰস্কত ভূমিকম্পত পীড়িত লোকক সহায় কৰিব ভাৰতে

ABOUT THE AUTHOR

...view details