অসম

assam

By

Published : Nov 23, 2022, 3:46 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

ETV Bharat / videos

BJP Rath Yatra: পুৰণিগুদামত খোল বাদন-জিকিৰেৰে আদৰণি বিজেপিৰ ৰথ

পুৰণিগুদামত বিজেপিৰ ৰথ যাত্ৰা (BJP rath yatra reached Puranigudam) ৷ ৰাজ্যত গাঁও সম্পৰ্ক ৰক্ষাৰ উদ্দেশ্যে বিজেপিৰ অনুসুচীত জাতি মৰ্চাৰ ব্যাপক অভিযান । হিন্দু-মুছলমানৰ সম্প্ৰতিৰ মিলনভূমি পুৰণিগুদাম মুছলিম গাঁৱত স্থানীয় ৰাইজে জিকিৰ পৰিৱেশন কৰি উষ্ম আদৰণি জনালে বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ “গাঁও সম্পৰ্ক অভিযান”ৰ ৰথযাত্ৰীক (BJP Rally at Puranigudam) ৷ প্ৰথমে ৰথযাত্ৰী সকলক পুৰণিগুদাম গড়মূৰত বিজেপিৰ স্থানীয় নেতা-কৰ্মীসকলে খোল-তাল লৈ আদৰণি জনায় (BJP Gaon Samparka Yatra) ৷ তাৰ পাছতে চলচলি ব্ৰাহ্মণগাঁৱৰ দুৰ্গা মন্দিৰত আদৰণি জনোৱা হয় ৰথযাত্ৰীসকলক ৷ ব্ৰাহ্মণগাঁৱৰ পৰা আগুৱাই যোৱা ৰথ যাত্ৰীসকলক চলচলি মুছলিমগাঁৱত ৰাইজে দোৱা জনায় ৷ ৰাজ্যৰ গ্ৰাম্যাঞ্চল সমূহত থকা সমস্যাৱলীৰ তথ্যভিত্তিক জৰীপ কৰি ইয়াৰ সমস্যা সমূহ সামাধান কৰিবলৈ দলটোৱে ইতিমধ্যে ৰাজ্যৰ প্ৰায় ৩২০০খন গাঁৱত ৬ খন ৰথেৰে আৰম্ভ কৰিছে গাঁও সম্পৰ্ক অভিযান ৷
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

...view details