অসম

assam

বিধায়ক তেৰছ গোৱালা

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 9:47 PM IST

ETV Bharat / videos

MLA Terash Gowalla: কংগ্ৰেছে মহাপাপ কৰিছে, উদ্ধাৰ হ'বলৈ সত্তৰ বছৰ লাগিব; বিধায়ক তেৰছ গোৱালা

ডিব্ৰুগড়, ৩ ছেপ্টেম্বৰ: ‘‘কংগ্ৰেছ এতিয়া মানসিকভাৱে বিকাৰগ্ৰস্ত দল ৷’’ এইবাৰ কংগ্ৰেছক উভতি ধৰিছে দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাই । উল্লেখ্য যে, উজনি অসমত বাহৰ পাতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বাগিচাই বাগিচাই কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰিছে । এটা দিনৰ পূৰ্বে দুলীয়াজানৰ কেইবাখনো চাহ বাগিচাত এই কাৰ্যসূচী ৰূপায়ণ কৰি বিজেপি বিধায়ক তেৰছ গোৱালা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক তীব্ৰ সমালোচনা কৰি সমষ্টি উন্নয়ন আৰু চাহ শ্ৰমিকৰ সমস্যা সমাধানত দুইগৰাকী নেতা ব্যৰ্থ হোৱা বুলি কৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

ইয়াৰ পাছতে কংগ্ৰেছক উভতি ধৰিছে দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাই । বিধায়কগৰাকীয়ে কয়, কংগ্ৰেছ এতিয়া মানসিকভাৱে বিকাৰগ্ৰস্ত দল । সত্তৰ বছৰে যি সমাজৰ বাবে কংগ্ৰেছে একো নকৰিলে সেই সমাজৰ মানুহৰ ওচৰলৈ কংগ্ৰেছ পুনৰ যোৱাটো ধিক্কাৰ দিছো । কংগ্ৰেছে মহাপাপ কৰিছে, উদ্ধাৰ হ’বলৈ সত্তৰ বছৰ লাগিব বুলি কয় বিধায়ক তেৰছ গোৱালাই ।

লগতে পঢ়ক:Himanta Biswa Sarma: বয়সটো ঠিক থাকিলে স্ব-ইচ্ছাই কোনোবাই ধৰ্ম সলনি কৰিব পাৰে; মুখ্যমন্ত্রী

ABOUT THE AUTHOR

...view details