অসম

assam

নিজকে অভিনেতা বুলি ভাবিছে ৰাহুল গান্ধীয়ে: দিগন্ত কলিতা

ETV Bharat / videos

Diganta Kalita Slams Rahul Gandhi: নিজকে অভিনেতা বুলি ভাবিছে ৰাহুল গান্ধীয়ে; দিগন্ত কলিতা - MP Gaurav Gogoi Slams BJP

By

Published : Feb 13, 2023, 10:20 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

ৰঙিয়া, 13 ফেব্ৰুৱাৰী: 2024 চনৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগেই লগেই প্ৰতিটো ৰাজনৈতিক দলেই তৎপৰ হৈ পৰিছে ৷ তাৰ সমান্তৰভাৱে ৰাজনৈতিক নেতাৰ মাজত আৰম্ভ হৈছে বাকযুদ্ধ আৰু বোকা ছটিওৱাৰ খেল ৷ এইবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি ল’লে বিজেপি বিধায়ক দিগন্ত কলিতাই (MLA Diganta Kalita) ৷

ভাৰত জোড়ো যাত্ৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাহুল গান্ধীক কটাক্ষ ৰঙিয়াৰ বিজেপি বিধায়ক দিগন্ত কলিতাৰ (Diganta Kalita Slams Rahul Gandhi) ৷ বিধায়ক দিগন্ত কলিতাই কয়, ‘‘ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই একোৱেই প্ৰভাৱ পেলাব নোৱাৰে ৷ ভাৰত জোড়ো যাত্ৰাৰ পাচত ৰাহুল গান্ধীৰ কেৱল মুখমণ্ডলহে সলনি হৈছে ৷ তেওঁ নিজকে অভিনেতা বুলি ভাবিললৈ লৈছে ৷ মুখমণ্ডলত মানুহ আকৰ্ষিত নহয় ৷ কৰ্মসূচী আৰু কাৰ্যসূচীতহে মানুহ আকৰ্ষিত হ’ব ৷’’

ৰাহুল গান্ধীক এইদৰে কটাক্ষ কৰাৰ সমান্তৰালভাৱে বিধায়ক কলিতাই দাবী কৰি কয় যে, ভাৰতীয় জনতা পাৰ্টীক আৰু প্ৰধানমন্ত্ৰীৰ সফলাক আকৌ ৰাইজে আকোঁৱালি ল’ব ৷ ইফালে বিজেপিৰ বিৰোধী ৰাজনৈতিক দল সন্দৰ্ভতো তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (Lok Sabha Election 2024) ৷ বিধায়ক দিগন্ত কলিতাই কয়, ‘‘আমাৰ প্ৰধান বিৰোধী কংগ্ৰেছ আৰু দ্বিতীয় বিৰোধী AIUDF ৷’’ কংগ্ৰেছমুক্ত কৰা, বিৰোধীমুক্ত কৰা আৰু পৰিবাৰবাদ মুক্ত কৰাটো বিজেপি দলৰ সংকল্প বুলি তেওঁ মন্তব্য কৰি 2024 চনৰ লোকসভা নিৰ্বাচনত এয়া ফলপ্ৰসূ হ’ব বুলিও উল্লেখ কৰে ৷ 

ইফালে, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লয় সাংসদ গৌৰৱ গগৈয়ে (MP Gaurav Gogoi Slams BJP) ৷ বিজেপি চৰকাৰে হত্যা-লুণ্ঠন, কেলেংকাৰী আদিৰে জড়িত থকা লোকক লৈ চৰকাৰ চলোৱা বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে ৷ মুঠৰ ওপৰত এই দৰেই এতিয়া বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ মাজত আৰম্ভ হৈছে আক্ৰমণ-প্ৰত্যাক্ৰমণ ৷ 

লগতে পঢ়ক:Sivsagar BJP Leader Passed Away : বিজেপি নেত্ৰী উমপা বৰাৰ মৃত্যুক কেন্দ্ৰ কৰি শিৱসাগৰত উত্তপ্ত পৰিস্থিতি

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

...view details