Bhuban Pegu slams opposition: স্বাধীনতাৰ ৭৫ বছৰতো সম্ভৱ নোহোৱা কাম 9 বছৰত সম্ভৱ কৰিছে বিজেপিয়ে; ভূৱন পেগু - General election 2024
জোনাই, 18 জুন: চিলাপথাৰত জোনাইৰ বিধায়ক ভূৱন পেগুৰ সংবাদমেল । বিৰোধীৰ ঐক্য মঞ্চৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য বিধায়ক পেগুৰ ৷ ‘‘ৰিপুন বৰা, ভূপেন বৰা আৰু লুৰিণ জ্যোতি গগৈ আদি দৰে উন্নয়ন দেখা নোপোৱা ৰাজনীতিকে বিজেপিৰ বিৰুদ্ধে হেজাৰ ঐক্যৱদ্ধ হ’লেও লাভ নাই । উন্নয়ন মূলক কামকাজৰ বাবে সৰ্বস্তৰৰ জনগণে সমৰ্থন জনাইছিল বিজেপিক ৷ বৰ্তমান ভূপেন বৰাৰ অৱস্থা বেয়া ৷’’ এইদৰে বিৰোধীক ক্ষুৰধাৰ সমালোচনা বিধায়ক পেগুৰ ৷
তেওঁ কয়, ‘‘জোনাইৰ পবা বৰ্ষাৰণ্য পৰা চিচিকলঘৰ লৈ ব্ৰহ্মপুত্ৰৰ বান গৰাখহনীয়া সমস্যা সমাধানৰ দিশে আগবাঢ়িছে ।’’ ইফালে চিচিবৰগাঁও, আমগুৰি অঞ্চলৰ জলমগ্ন 15 খন গাঁৱৰ সন্দৰ্ভত এনেদৰে বিধায়ক গৰাকীয়ে কয়, ‘‘গাই নদীৰ নামনি অংশৰ দুয়ো পাৰে স্থায়ী মথাউৰি সম্প্ৰসাৰণ কৰা হ’ব । ভাৰত স্বাধীন হোৱাৰ ৭৫ বছৰৰ পিছতো সম্ভৱ নোহোৱা কাম বিজেপিয়ে 9 বছৰত সম্ভৱ কৰি দেখুৱাইছে ৷ গাইনদীত হাইৱেৰ সমপৰ্যায়ৰ মথাউৰি নিৰ্মাণ কৰা হৈছে । একেদৰে দিজমুৰ সোণাৰিৰ পৰা মাজুলীলৈকে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অব্যাহত আছে ৰাষ্ট্ৰীয় ঘাইপথৰ সমপৰ্যায়ৰ মথাউৰিৰ কাম ।’’
লগতে পঢ়ক :Flood at Kaziranga National Park: বানৰ কৱলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান