Protest against Bhupen Borah in Nagaon : নগাঁৱত ভূপেন বৰাৰ পুত্তলিকা দাহ; বিজেপি সংখ্যালঘু মৰ্চাৰ প্ৰতিবাদ - হিন্দু আৰু হিন্দুৰ মাজত বিবাহ
নগাঁও, 29 জুলাই : ‘‘সংখ্যালঘু লোকক তুষ্টিকৰণ কৰিবলৈ গৈ ভূপেন বৰাই ভগৱান শ্ৰীকৃষ্ণক অপমান কৰিছে । বিতৰ্কিত মন্তব্যৰ জৰিয়তে ভূপেন বৰাই সংখ্যালঘু ৰাইজক তুষ্টিকৰণৰ ৰাজনীতি কৰিছে । ভূপেন বৰা অসমীয়া হিন্দুৰ নামত কলংক । হিন্দুসকলেই নহয় মুছলমান ৰাইজেও ধিক্কাৰ জনাইছে ৷ হিন্দু আৰু হিন্দুৰ মাজত বিবাহ হ’লে সেইটোক লাভ জেহাদ বুলি নকয়’’ ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিলে এগৰাকী ইছলাম সম্প্ৰদায়ৰ যুৱকে ।
আনহাতে, ভূপেন বৰাই ক্ষমা খোজাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এগৰাকী ব্যক্তিয়ে । ‘‘তেওঁৰ ককাকে সপোনত দেখাৰ বাবেহে ক্ষমা খুজিছে । তেওঁ ৰাইজক ক’ব লাগিছিল মোৰ ভুল হৈ গ’ল বুলি কৈ ক্ষমা খুজিব লাগিছিল । কিন্তু তেওঁ ককাকে সপোনত দেখুৱাৰ বাবেহে ক্ষমা খোজাৰ কথা কৈছে । ককাকে সপোনত নোকোৱা হয় মানে ভূপেন বৰাই ক্ষমা নুখুজিলে হয় নেকি ?’’ শুক্ৰবাৰে নগাঁৱৰ হয়বৰগাঁৱৰ ৰাজপথত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ লগতে একাংশ লোকে ভূপেন বৰাৰ পুত্তোলিকা দাহ কৰি এইদৰে মন্তব্য কৰে ।
লগতে পঢ়ক :Pijush Hazarika criticized Bhupen Borah; অসমৰ ৰাইজে ভূপেন বৰাক কেতিয়াও ক্ষমা নকৰে : পীযুষ হাজৰীকা