অসম

assam

BJP minister Pijush Hazarika

ETV Bharat / videos

কোকৰাঝাৰ-ডিফুত কংগ্ৰেছ জিকিলে ৰাজনৈতিক কেৰিয়াৰৰ ডাঙৰ সিদ্ধান্ত ল’ব পীযুষ হাজৰীকাই

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 3:56 PM IST

ডিব্ৰুগড়, 21 নৱেম্বৰ: লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধী সকলো ৰাজনৈতিক দলৰ নেতাৰ মুখত আখৈ ফুটাদি ফুটিবলৈ ধৰিছে বৰ বৰ কথা । কোনোবাই যদি বৃহৎ জয়ৰ দাবী কৰিছে, আন কোনোবাই আকৌ বিপক্ষক দিছে ইটোৰ পিচত সিটো প্ৰত্যাহ্বানমূলক ভাবুকি ৷ সাম্প্ৰদায়িক তথা বোকা চটিওৱা মন্তব্যবোৰতো আছেই ৷ নিৰ্বাচন আহিলেই নেতাৰ মুখ চুপতিয়ে ৰাইজকো বাৰুকৈয়ে আমোদ দিয়ে ৷ 

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এইবাৰ লোকসভা নিৰ্বাচনত ডিফু আৰু কোকৰাঝাৰত কংগ্ৰেছ জিকিব বুলি কোৱাৰ পাছতে চৰাইদেউৰ সোণাৰিত উপস্থিত হৈ ভূপেন বৰাক মুকলি প্ৰত্যাহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ । ডিফু আৰু কোকৰাঝাৰত কংগ্ৰেছ জিকিলে অহাবাৰ নিৰ্বাচন নেখেলে মন্ত্ৰী পীযুষ হাজৰীকাই । সাংবাদিকক এই কথা ৰেকৰ্ড কৰি থ’বলৈ ক'লে মন্ত্ৰীগৰাকীয়ে । তেওঁ লগতে কয় সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰা কোনোবা এটা সমষ্টিৰ বাদে সকলোতে বিজেপিয়ে জয় লাভ কৰিব ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ বিষয়ে সৰৱ সাংসদ গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details