আমিনগাঁৱত বিজেপিৰ নিৰ্বাচনী পৰিকল্পনা সমিতিৰ বৈঠক; নিৰ্বাচনত 10% ভোট বৃদ্ধিৰ লক্ষ্য দলৰ - নিৰ্বাচনী পৰিকল্পনা সমিতি
Published : Jan 11, 2024, 2:34 PM IST
গুৱাহাটী, 11 জানুৱাৰী : বৃহপতিবাৰে আমিনগাঁৱত আয়োজন কৰা হয় বিজেপিৰ নিৰ্বাচনী পৰিকল্পনা সমিতিৰ বৈঠক । এই বৈঠকলৈ আগমন ঘটে বিজেপিৰ কেইবাজনো ৰথী মহাৰথীৰ । এই বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ কেন্দ্ৰীয় উপ সভাপতি বৈজন্ত জয় পাণ্ডা, অসম বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে নিৰ্বাচন কমিটিৰ মুঠ ২৮ জন বিষয়ববীয়াই ।
আগন্তুক দিনত বিজেপিয়ে কি দৰে আগবাঢ়িব, তাকে লৈ আলোচনা হ’ব এই বৈঠকখনত । এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ লগতে তেওঁলোকে কয়, এই নিৰ্বাচনত 10% ভোট বৃদ্ধি লক্ষ্য এইবাৰ বিজেপিৰ ৷
এইবাৰ ৪ টা বিভাগত ভোটাৰক ভাগ কৰা হৈছে । সেই কেইটা মহিলা, যুৱ, কৃষক আৰু দৰিদ্ৰ শ্ৰেণীত বিভক্ত কৰা হৈছে ভোটাৰক । লোকসভা নিৰ্বাচনৰ বাবে কেনেকৈ ৰাইজৰ মাজলৈ যাব বিজেপি যাব, সেই সন্দৰ্ভত সকলোবোৰ আলোচনা কৰা হ'ব এই বৈঠকখনত ।
লগতে পঢ়ক :চৰকাৰে অনুমতি নিদিলেও খেতিপথাৰতে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সভা কৰা হ'ব : দেৱব্ৰত শইকীয়া