BJP leader slapping a woman : দেৰগাঁৱৰ ঘটনাটোত দৰাচলতে হৈছিল কি ? পুলকেই কেৱল জগৰীয়া নে ? - অৰুণোদয় আঁচনিৰ নামত অনিয়ম
যোৰহাট, 1 মে’:দেওবাৰে গোলাঘাট জিলাৰ দেৰগাঁৱত এগৰাকী মহিলাক বিজেপিৰ পালিনেতা পুলক ভৰালীয়ে চৰিওৱা বুলি উঠা অভিযোগ বৰ্তমান সময়ত কিছু পৰিমাণে পক্ষপাতিত্বমূলক হোৱা যেন পৰিলক্ষিত হৈছে ৷ দেওবাৰে পুলক ভৰালীয়ে মহিলাগৰাকীক চৰিওৱাৰ যিটো ভিডিঅ’ সৰ্বত্ৰে চৰ্চিত হৈছিল, তাত কিন্তু এটা মন কৰিবলগীয়া দৃশ্য ৰৈ যায় ৷ ভালদৰে মন কৰিলে দেখা যায় যে, সেই ভিডিঅ’টোত প্ৰথমে মহিলাগৰাকীয়েহে পুলক ভৰালীৰ গালত সোধাইছিল এটা পূৰ্ণহতীয়া চৰ ৷ তাৰ পিচতহে মহিলাগৰাকীক ওলোটাই চৰ সোধাই পুলক ভৰালীয়ে (who slapped whom first in Dergaon incident) ৷
ৰাজহুৱা স্থানত এগৰাকী মহিলাৰ গাত এজন পুৰুষে হাত দিয়াটো সমীচিন নহয় যদিও, মহিলা গৰাকীয়ে একে স্থানত পুৰুষজনক প্ৰহাৰ কৰাটো কিমান যুক্তিসংগত ? অৱশ্যে এই বিষয়টো চৰ্চা কৰাৰ বিপৰীতে বিজেপিৰ পালিনেতাজনৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰা দেখা গ’ল বিভিন্ন মহলক ৷
উল্লেখযোগ্য যে, দেওবাৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত 1 নং খকন্দগুৰি গাঁৱৰ নাট্য মন্দিৰত অনুষ্ঠিত হোৱা এখন সভাত সৃষ্টি হৈছিল এই অপ্ৰীতিকৰ পৰিস্থিতি (bjp leader slapping a woman incident of dergaon) ৷
ডেৰ শতাধিক লোক উপস্থিত থকা অনুষ্ঠানটোত অৰুণোদয় আঁচনিৰ নামত বিজেপিৰ নেতা পালিনেতাই কৰা অনিয়মৰ বিষয়ে আলোচনা হৈ আছিল ৷ অনিয়মৰ কথা ওলোৱাত পুলক ভৰালী দলে-বলে উপস্থিত হয় সভাখনত ৷ কথাৰ উত্তৰা উত্তৰিৰ মাজতে মহিলাগৰাকীয়ে প্ৰথমে হাত উঠালে পুলক ভৰালীৰ ওপৰত ৷ প্ৰত্যুত্তৰত পুলক ভৰালীয়ে হাত উঠাই মহিলাগৰাকীৰ ওপৰত (who slapped whom first) ৷
কিন্তু এতিয়া পুলক ভৰালীক অভিযুক্ত সজাই সকলোৱে তেওঁৰেই গ্ৰেপ্তাৰৰ দাবী তুলিছে ৷ আনহাতে দেৰগাঁও আৰক্ষীয়ে পুলক ভৰালীক গ্ৰেপ্তাৰৰ পৰিৱৰ্তে বিজেপিৰ উচ্চপদস্থ বিষয়ববীয়াৰ হেঁচাত ৰক্ষণাবেক্ষণৰ ওপৰতহে গুৰুত্ব দিছে বুলি অভিযোগ কৰিছে প্ৰতিবাদী মহিলা তথা সচেতন ৰাইজে ৷
দেৰগাঁও আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ পৰিৱৰ্তে অভিযোগকাৰীক গোচৰটো উঠাই ল'বলৈ হেঁচা দিছে ৷ প্ৰতিবাদত খকন্দগুৰিত ব্ৰহ্মপুত্ৰ অঞ্চলৰ শ শ মহিলাই হাতে হাতে প্লে' কাৰ্ড লৈ কৰে প্ৰতিবাদী সমদল ৷ পুলক ভৰালীক গ্ৰেপ্তাৰ কৰক, বিজেপি পালিনেতাৰ গুণ্ডাগিৰি নচলিব, দেৰগাঁও আৰক্ষী হুঁচিয়াৰ আদি শ্ল'গানেৰে উত্তপ্ত কৰি তোলে পৰিৱেশ ৷
লগতে পঢ়ক :Encounter in Nagaon: পূৰ্বৰ পৰাই দাগী আছিল ৰমিজুল; এইবাৰ লাগিল গুলীৰ দাগ