BJP member detained: সৰভোগত আছু সদস্যক মাৰপিট কৰাৰ অভিযোগত বিজেপি নেত্ৰীক আটক - বৰনগৰ কলেজ ছাত্ৰ একতা সভাৰ নিৰ্বাচন
Published : Nov 12, 2023, 11:06 PM IST
বৰপেটাৰোড, 12 নৱেম্বেৰ : আছু নেতাক মাৰপিট কৰি আৰক্ষীৰ জালত পৰিল সৰভোগ পৌৰসভাৰ উপ-পৌৰপতি সম্পদ দাসৰ পত্নী তথা প্ৰাক্তন ৱাৰ্ড কমিচনাৰ, বিজেপি নেত্ৰী অঞ্জলী দাস । বৰনগৰ কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছু সমৰ্থিত কেবাগৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ পাচত আছুৱে সৰভোগত এক সমদল উলিয়াইছিল ৷
উক্ত সমদলৰ মাজতেই আছু আৰু এভিবিপিৰ মাজত এক সংঘাতৰ সৃষ্টি হৈছিল । পৰৱৰ্তী সময়ত সৰভোগৰ বিজেপি নেত্ৰী অঞ্জলী দাস আৰু তেওঁৰ পুত্ৰই বৰনগৰ আছুৰ শ্বহীদ ভৱনলৈ গৈ আছু সদস্যক মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷
আছু সদস্যক আক্ৰমণ কৰা ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বিজেপি নেত্ৰীয়ে আছু সদস্যক মাৰপিট কৰাৰ প্ৰতিবাদত দেওবাৰে আছুৱে সৰভোগৰ বিজেপি কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইফালে আছুৱে সৰভোগৰ বিজেপি কাৰ্যালয়তো আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷ পাছত সৰভোগ আৰক্ষীয়ে বিজেপিনেত্ৰী অঞ্জলী দাসক আটক কৰি আৰক্ষী থানালৈ লৈ যায় ৷
লগতে পঢ়ক :JDSG College Golaghat : ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফলৰ পাচতে গোলাঘাটত প্ৰচণ্ড মাৰপিট